Nagaon:
নগাঁৱৰ ‘মাসাগৰিনা’ নামৰ অনুষ্ঠানটিৰ উদ্যোগত ১ নবেম্বৰৰ সন্ধিয়া গজলৰ এক বিশেষ অনুষ্ঠান সম্পন্ন হয় । নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ‘কুশীলৱ’ প্ৰেক্ষাগৃহত সোণাইপৰীয়া কবি সন্মিলন আৰু সোণাইপৰীয়া শিল্পী মঞ্চৰ সৌজ্যন্যত তথা সুনীল শইকীয়া সংগীত মহাবিদ্যালয়, নগাঁও ছোৱালী মহাবিদ্যালয় ,ষ্টাৰলেব ডায়’গনষ্টিকচ আৰু ডুগডুগীৰ সহযোগত এই অনুষ্ঠানটিত অনুষ্ঠিত হৈছিল । সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হোৱা তিনিঘণ্টাজোৰা এই অনুষ্ঠানটিৰ আৰম্ভণিতে জনকন্ঠ জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা নিবেদন কৰা হয় । এই শ্ৰদ্ধাৰ্ঘ অৰ্পনৰ কাৰ্যসূচীত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে সমাজ সংগঠক শশীকা নাথ, পদ্মেশ্বৰী দেৱী, বিশিষ্ট সাংবাদিক ড৹ সমুদ্ৰগুপ্ত কাশ্যপ, নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ ড৹ কুলেন চন্দ্ৰ দাস, গল্পকাৰ শিৱানন্দ কাকতি, নগাঁও ছোৱালী কলেজৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ মঞ্জু লস্কৰ, ডিমৰীয়া কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মোহিনীমোহন ডেকা, বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং আদিকে ধৰি বিভিন্নজনে সহযোগিতা আগবঢ়ায় । ইয়াৰ পিছতে নগাঁৱৰ জিলা আয়ুক্তৰ উপস্থিতিত সকলোৱে জুবিন গাৰ্গৰ ‘মায়াবিনী’ গীতটো পৰিবেশন কৰে । বিশিষ্ট কণ্ঠশিল্পী আৰিফুল হকে এটি গজল পৰিবেশন কৰি অনুষ্ঠানটিৰ প্ৰাণ সঞ্চাৰ কৰে ।
