Puspadevi Jalan Award:
সুলেখিকা তথা নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড: মঞ্জু লস্কৰক প্ৰদান কৰা হয় পুষ্পাদেৱী জালান সাহিত্য বঁটা ৷ ভাষা-সাহিত্য-সংস্কৃতিৰ পূর্ণাংগ মাহেকীয়া আলোচনী ‘বাৰ্তাপখিলী’ৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাত ড: মঞ্জু লস্কৰক প্ৰদান কৰা হয় বঁটাটি ৷ বঁটাটিত আছিল এটি স্মাৰক,মানপত্ৰ,ফুলাম গামোচা,চেলেং আৰু নগদ একৈশ হেজাৰ টকা ৷ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত আছিল মঞ্জুলা হাজৰিকা সহ বহু কেই গৰাকী বিশিষ্ট ব্যক্তি ৷
উল্লেখ্য যে বিশিষ্ট উদ্যোগী তথা লেখক গোপাল জালানৰ মাতৃ সৰবৰহী মহিলা পুষ্পাদেৱী জালানৰ ২০১১বৰ্ষত হৈছিল পৰলোকপ্ৰাপ্তি ৷ পুষ্পাদেৱী জালানৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে ২০১২ বৰ্ষৰ পৰা প্ৰতিবৰ্ষত ৰাজ্যৰ এগৰাকী লেখক- লেখিকাক প্ৰদান কৰি অহা হৈছে পুষ্পাদেৱী জালান সাহিত্য বঁটা ৷




































