Uma Chetry:✒️অসমৰ প্রথম বিশ্বকাপ জয়ী ক্রিকেটাৰৰূপে ইতিহাস ৰচনা কৰিলে উমা ছেত্রীয়ে। ইয়াৰ পূৰ্বে তেওঁ অসমৰ প্ৰথম ক্রিকেটাৰৰূপে বিশ্বকাপ খেলাৰ গৌৰৱ অর্জন কৰিছিল। এই কৃতিত্বৰ বাবে উমাক সম্বর্ধনা জনাব ৰাজ্য চৰকাৰে।
মঙলবাৰে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। এক চৰকাৰী কাৰ্যসূচীত অংশ লোৱাৰ সময়ত মুখ্যমন্ত্রীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, ‘উমা ছেত্রী বিশ্বকাপৰ ১৫জনীয়া দলত আছিল। তেওঁক আমি আগতেই শুভেচ্ছা জনাই পঠাইছো। এতিয়া তেওঁ উভতি আহক। আমি তেওঁক সম্বর্ধনা জনাম।’
উল্লেখ্য যে উমা হৈছে অসমৰ পৰা ৰাষ্ট্ৰীয় মহিলা ক্রিকেট দলক প্রতিনিধিত্ব কৰা দ্বিতীয় মহিলা ক্রিকেটাৰ। উমাৰ পূৰ্বে ৰেলৱেক চাকৰি কৰা ঋতু ধ্রুবই অসমক প্রতিনিধিত্ব কৰি ভাৰতীয় দলৰ হৈ ২০১২-১৩ত তিনিখনকৈ এদিনীয়া আৰু টি-২০ মেচ খেলিছিল।
অৱশ্যে ধ্ৰুৱৰ জন্ম হৈছিল দিল্লীত আৰু অসমত থকাৰ সূত্রে তেওঁ অসমৰ হৈ ঘৰুৱা ক্রিকেট খেলিছিল। সেই দিশৰ পৰা উমাই হৈছে জাতীয় দলক প্রতিনিধিত্ব কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ। ২০২৪ৰ পৰা তেওঁ সাতখন টি-২০ আন্তর্জাতিক মেচ খেলিছে যদিও এদিনীয়া দলত বিষ্ণুজ্যোতি ফাইনেলত অভিষেক ঘটা নাছিল।
প্রথম অৱস্থাত উমাক বিশ্বকাপৰ সংৰক্ষিত খেলুৱৈৰ তালিকাত ৰখা হৈছিল। যদিও দ্বিতীয় উইকেট ৰক্ষক পূজা বস্ত্ৰকাৰ আঘাতপ্রাপ্ত হোৱাত উমাক ১৫জনীয়া দলত অন্তর্ভুক্ত কৰা হয়। ভাৰতে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰাৰ পাছত বাংলাদেশৰ বিপক্ষে গুৰুত্বহীন লীগ মেচখনত প্রধান উইকেট কীপাৰ ৰিচা ঘোষক বিশ্রাম দি উমাক মূল একাদশত স্থান দিয়া হৈছিল।
সেই মেচতেই উমাৰ এদিনীয়া আন্তর্জাতিকত অভিষেক ঘটে দলৰ সহঃ অধিনায়ক স্মৃতি মন্ধানাৰ হাতৰ পৰা ভাৰতীয় দলৰ টুপী গ্ৰহণ কৰা উমা অসমৰ হৈ বিশ্বকাপ খেলাৰ প্রথম ক্রিকেটাৰতো পৰিগণিত হয় অৱশ্যে খেলখন বৰষুণৰ বাবে পণ্ড হোৱাত তেওঁ বেটিং বা উইকেট কীপিং কৰাৰ সুযোগ নাপালে।
আনহাতে, ছেমি ফাইনেলত পুনৰ অভিজ্ঞ উইকেট কীপাৰ ৰিচা ঘোষক স্থান দিয়া হয়।






























