AJYCP:
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু ৰাজ্যৰ ২২ টা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ সহযোগত মঙলবাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মহানগৰীত এক পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ সমীপৰ ৱাকিং জ’নৰ পৰা বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰলৈ ৰূপায়ন কৰা হয় পদযাত্ৰা কাৰ্যসূচী । জাতীয় জনগোষ্ঠীয় দল সংগঠন সমূহৰ নেতৃত্বই অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ৰহস্য ফাদিল তথা ন্যায়ৰ দাবী তোলা হয় । আগন্তুক দিনত ন্যায়ালয় আৰু এছ আই টিৰ এই ক্ষেত্রত লবলগীয়া পদক্ষেপত ৰাইজৰ দৃষ্টি নিবদ্ধ থাকিব বুলি ৰাজ্য চৰকাৰক সকীয়াই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই সহ জাতীয় সংগঠনৰ নেতৃবৰ্গই ৷
পদযাত্ৰাত অংশলোৱা সংগঠন সমূহ হ’ল সদৌ মৰাণ ছাত্র সন্থা,মটক যুৱ-ছাত্ৰ সন্মিলন, সদৌ টাই আহোম ছাত্র সন্থা,টাই আহোম যুৱ পৰিষদ অসম, নিখিল ৰাভা ছাত্র সন্থা, সদৌ অসম চুতীয়া ছাত্র সন্থা, সদৌ অসম নাথ-যোগী ছাত্র সন্থা, সদৌ অসম কোঁচ ৰাজবংশী ছাত্র সন্থা,সদৌ কার্বি ছাত্র সন্থা ,সদৌ ডিমাছা ছাত্র সন্থা,সদৌ অসম চাহ জনজাতি ছাত্র সন্থা,আদিবাসী ছাত্র সন্থা,সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থা,সদৌ অসম মণিপুৰী ছাত্ৰ সন্থা,সদৌ অসম গোর্খা ছাত্ৰ সন্থা,অসম প্রাদেশিক যোগী সম্মিলন,কলিতা জনগোষ্ঠীয় সম্মিলন অসম,সদৌ তিৱা ছাত্র সন্থা,সদৌ অসম চাওতালী ছাত্র সন্থা,কলিতা আলপাইন জনগোষ্ঠী সম্মিলন আৰু গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদ ৷




































