Guwahati:
পঞ্চভুতত বিলীন সুৰৰ মূৰ্ছনাৰে সহস্ৰজনক মন্ত্রমুগ্ধ কৰি ৰখা হাতৰ সুৰীয়া বাঁহীটিক চিৰদিনলৈ নিমাত কৰি অজান মুলুকলৈ আঁতৰি যোৱা দীপক শর্মাৰ পাৰ্থিৱ শৰীৰ ৷ নৱগ্ৰহত শৰ্মাৰ নশ্বৰদেহত মুখ্যাগ্নী কৰে তেওঁৰ একমাত্ৰ পুত্ৰই । ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয় শেষকৃত্য ৷
বহুদিন ধৰি জটিল ৰোগত আক্ৰান্ত দীপক শৰ্মাক উন্নত চিকিৎসাৰ বাবে চেন্নাই এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে সোমবাৰে পুৱা ৬-১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷

অসম চৰকাৰৰ উদ্যোগত আজি চেন্নাই পৰা বিমানেৰে পুৱা ভাগত দীপক শৰ্মাৰ পাৰ্থিৱ অনা হয় গুৱাহাটীলৈ ৷ গুৱাহাটী বিমান বন্দৰৰ পৰা তেওঁৰ পাৰ্থিৱ শৰীৰ পুস্পসজ্জিত বাহনেৰে দুপৰীয়া উপস্থিত হয় অম্বিকাগিৰী নগৰৰ স্ব- গৃহত ৷ বাসগৃহত এক শোকাকুল পৰিবেশত পত্নী ,একমাত্ৰ পুত্ৰ সহ আত্মীয় সৰ্জনে শেষ শ্ৰদ্ধা জনোৱাৰ পিছতে দীপক শৰ্মাৰ পাৰ্থিৱ নিয়া হয় অম্বিকাগিৰী নগৰৰ সেউজ সংঘ বাকৰিলৈ ৷ ইয়াতে অনুষ্ঠিত হোৱা ৰাজহুৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত দীপক শৰ্মাৰ পাৰ্থিৱ শৰীৰত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে কামৰূপ জিলা প্ৰশাসন , শিল্পী- সাহিত্যিক -সাংবাদিকৰ লগতে বিভিন্ন দল- সংগঠনে ৷

বিয়লি দীপক শৰ্মাৰ পাৰ্থিৱ শৰীৰ পুস্পসজ্জিত স্বৰ্গৰথত নিয়া হয় নৱগ্ৰহলৈ ৷ তাতো আৰক্ষী বাহিনীয়ে শেষ শ্ৰদ্ধা জনোৱাৰ পিছত তেওঁৰ নশ্বৰদেহ তুলি দিয়া হয় চিতাত ৷ অগনন অনুৰাগীৰ বিপুল জয়ধ্বনিৰে মাজত একমাত্ৰ পুত্ৰই কৰে মুখ্যাগ্নী ৷ বাঁহীৰ সুৰেৰে জগত জিনা দীপক শৰ্মাৰ মৃত্যুত শোকাহত ৰাজ্যবাসী ৷




































