International Flute Player Dipak Sarma :পুস্পসজ্জিত বাহনত স্ব-গৃহত উপস্থিত আন্তৰাষ্ট্ৰীয় বাঁহীবাহক দীপক শৰ্মাৰ পাৰ্থিৱ শৰীৰ

অসম চৰকাৰৰ উদ্যোগত চেন্নাই পৰা অনা হ'ল প্ৰথিতযশা শিল্পী গৰাকীৰ নশ্বৰদেহ, বিয়লি ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'ব নৱগ্ৰহত

dipak 2

International Flute Player Dipak Sarma :

চেন্নাইৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত চিৰনিদ্ৰাত শুই পৰা আন্তৰাষ্ট্ৰীয় বাঁহীবাহক দীপক শৰ্মাৰ পাৰ্থিৱ শৰীৰ আজি বিমানেৰে অনা হয় গুৱাহাটীলৈ ৷ অসম চৰকাৰৰ উদ্যোগত অনা দীপক শৰ্মাৰ নশ্বৰদেহ গুৱাহাটী বিমানবন্দৰ পৰা পুস্পসজ্জিত বাহনৰে দুপৰীয়া উপস্থিত হয় তেওঁৰ মহানগৰীৰ অম্বিকাগিৰি নগৰৰ বাসগৃহত ৷ ইতিমধ্যে তেওঁৰ পত্নী- পুত্ৰ সহ পৰিয়ালবৰ্গই শেষ শ্ৰদ্ধাঞ্জলী জনোৱা পিছত দীপক শৰ্মাৰ নশ্বৰদেহ ৰাজহুৱা শ্ৰদ্ধাঞ্জলীৰ বাবে অম্বিকাগিৰি নগৰৰ সেউজ সংঘৰ বাকৰিলৈ। কামৰূপ মহানগৰ প্ৰশাসন উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলীৰ বাবে দীপক শৰ্মাৰ নশ্বৰদেহ সেউজ সংঘৰ বাকৰিত ৰখাৰ পিছতে তেওঁৰ অগনন অনুৰাগীয়ে ভীৰ কৰে ৷

উল্লেখ্য যে  বাঁহীৰ সুৰৰ মুৰ্চনাৰে বাঁহীবাদক দীপক শর্মালৈ শেষ শ্রদ্ধাঞ্জলি। আগে আগে শিল্পীৰ বাঁহীৰ সুৰ পাছে পাছে বাঁহীৰ যাদুকৰ দীপক শৰ্মাৰ নশ্বৰদেহ।  এক শোকাকুল পৰিবেশ বিৰাজ কৰে অম্বিকাগিৰি নগৰত । বিয়লিভাগত দীপক শৰ্মাৰ নশ্বৰদেহ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব নৱগ্ৰহ শ্মশানত ৷

উল্লেখ্য যে সুৰৰ মূর্ছনাৰে সহস্ৰজনক মন্ত্রমুগ্ধ কৰি ৰখা হাতৰ সুৰীয়া বাঁহীটিক চিৰদিনলৈ নিমাত কৰি অজান মুলুকলৈ আঁতৰি গ’ল দীপক শর্মা। জুবিন গাৰ্গৰ অকাল বিয়োগৰ শোকত দগ্ধ ৰাজ্যবাসীৰ ওপৰত আৰু এটা শোকৰ বোজা জাপি দিসোমবাৰে পুৱা ৬-১৫ বজাত চেন্নাইৰ চিকিৎসালয়ৰ বিছনাৰ কোঠাত শেষ নিশ্বাস ত্যাগ কৰে আন্তর্জাতিক খ্যাতিসম্পন্ন শিল্পীজনে। দীর্ঘদিন তেওঁ যকৃতৰ ৰোগত ভুগি আছিল। কে’বাটাও জটিল অস্ত্রোপচাৰ তেওঁৰ সম্পন্ন হৈছিল। মাজতে সুস্থ হৈ উঠিছিল যদিও পুনৰ অসুস্থ হৈ পৰে। শাৰীৰিক জটিলতা বৃদ্ধি হোৱাত কিছুদিনৰ পর্বে তেওঁ চেন্নাইৰ এখন চিকিৎসালয়ত ভূর্তি হয়। বিগত তিনিদিন ধৰি শিল্পীজনৰ স্বাস্থ্যৰ অধিক অবনতি ঘটে। শেষত চিকিৎসকে কৃত্রিম শ্বাস-প্রশ্বাসৰ ব্যৱস্থা কৰিবলৈ বাধ্য হয়। সংজ্ঞাহীন অবস্থাতে সোমবাৰে তেওঁ পুৱা জীৱনৰ অন্তিমটো নিশ্বাস এৰে। মাত্র ৫৭বছৰতে এনেদৰে হেৰাই গ’ল ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ আন এটি উজ্জ্বল নক্ষত্র। শিল্পীজনৰ জোষ্ঠ ভ্রাতৃ বিপুল শর্মাই কয় যে তিনিবছৰ পূৰ্বে দীপক শৰ্মাৰ যকৃত সংৰোপণ সফলতাৰে সম্পন্ন হৈছিল; কিন্তু পৰৱৰ্তী সময়ত সংৰোপিত অংশটো শৰীৰে গ্ৰহণ কৰিব নোৱৰা হয়। ফলত আনুষংগিক কে’বাটাও জটিল ৰোগত বিগত এবছৰৰ পৰা আক্ৰান্ত হ’বলৈ ধৰে। শৰ্মাই লগতে কয়, ‘তাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগবোৰ লাহে লাহে অকামিলা হৈ পৰিবলৈ ধৰে। অৱশেষত কালি পুৱা বিয়োগ ঘটে।’ উল্লেখ্য যে চিকিৎসাৰ নামত হোৱা ব্যয় বহন কৰিব নোৱাৰি শেষলৈ যথেষ্ট আর্থিক সংকটতো ভুগিছিল শিল্পীজন। ৰাইজৰ সহায়-সাহায্যতহে শেহতীয়াকৈ তেওঁৰ চিকিৎসা সম্ভৱ হৈছিল। শেহতীয়াকৈ অসম চৰকাৰেও আর্থিক সাহায্য আগবঢ়াইছিল। তেওঁ পত্নী জিনা শর্মা, একমাত্র পুত্র, ককায়েক, বৌয়েকসহ বহু আত্মীয়-স্বজনক তেওঁ ইহসংসাৰত এৰি যায়।

বাঁহীৰ যাদুকৰী সুৰেৰে অসমক বিশ্বৰ মঞ্চলৈ লৈ যাবলৈ সক্ষম হোৱা দীপক শৰ্মাৰ জন্ম হৈছিল ১৯৬৮ৰ ২৩ আগষ্টত বৰ্তমানৰ নলবাৰী জিলাৰ পানীগাঁৱৰ গৰেমাৰা চুবুৰিত। তেওঁলোকৰ ঘৰত সুশীল নামৰ কোচবিহাৰৰ এজন ল’ৰা আছিল। সুশীলে ধুনীয়া বাঁহী বজাইছিল। সেই সুশীলেই এদিন নিজে এটুকুৰা বাঁহৰ পৰা এটি বাঁহী তৈয়াৰ কৰি শিশু দীপকৰ হাতত তুলি দিছিল। সেই বাঁহীটোতে প্রথম ফু মাৰিছিল দীপকে। একো নজনাকৈয়ে কোনোবা এটা দিনত বাঁহীটোত যি ফু মাৰিছিল, সেই ফুটোৱেই যে পৰৱৰ্তী সময়ত তেওঁৰ পৰিচয়, তেওঁৰ জীৱন-জীৱিকা হৈ পৰিব সেয়া কোনেও ভবা নাছিল। শিশু দীপকে নিজে ভবাৰ কথাতো নাহেই। তথাপি সেই ফু মৰাৰ পাছত আৰু বাঁহীটোক তেওঁ এৰিবই নোৱাৰিলে। বাঁহীটোৰ প্ৰতি তেওঁৰ যেন মায়া উপজিছিল। নিজে নিজেই গানৰ সুৰ তোলাৰ পৰা আৰম্ভ কৰি আনক অনুসৰণ কৰালৈকে সম্পূর্ণ এককভাৱে আগবাঢ়ি গৈছিল দীপক শর্মা। পাঁচ বছৰ বয়সতে বিহামপুৰ বালক নিমু বুনিয়াদী বিদ্যালয়ত তেওঁ ৰাজহুৱা মঞ্চত প্রথম বাঁহী বজাইছিল। বিদ্যালয়খনৰ ছাত্ৰৰূপে সেই সুযোগ লাভ কৰি প্ৰথম ৰাজহুৱা আত্মপ্রকাশতে বাঁহীৰ সুৰেৰে সকলোকে মন্ত্রমুগ্ধ কৰিবলৈ সক্ষম হৈছিল শিশু দীপক শর্মাই। বিহামপুৰৰ বিদ্যালয়খনৰ পৰা আৰম্ভ হোৱা ৰাজহুৱা মঞ্চৰ সেই যাত্ৰা পৰৱৰ্তী সময়ত দেশে-বিদেশলৈ প্ৰসাৰিত হৈ পৰে। শৰ্মাৰ বাঁহীত আছিল এক অনামী যাদু। তেওঁ বাঁহীত ফু মৰাৰ লগে লগে শ্রোতাই বিচৰণ কৰিছিল মায়াময় জগতত। তেওঁৰ বাঁহীৰ সুৰত পূবেৰণ নামি আহিছিল, বৰষুণো হুৰহুৰাই নামি আহিছিল, হিলদল ভাঙি বতাহ বৈ আহিছিল। তাৰ পাছত আকৌ যেন শান্ত-সমাহিত হৈ পৰিছিল চৌদিশ।

নলবাৰীত হাইস্কুলত অধ্যয়ন কৰি থকাৰ সময়ত দীপক শৰ্মাই নলবাৰী আৰ্ট কলেজত নামভৰ্তি কৰিছিল। কাৰণ বাঁহীটো ইতিমধ্যে তেওঁৰ জীৱনৰ অংগস্বৰূপ হৈ পৰিছিল। ইয়াৰ লগতে তেওঁ তাত তবলা শিকিছিল। আর্ট কলেজতে তেওঁ গুৰুজী আদ্য শৰ্মাৰ সান্নিধ্য লাভ কৰিছিল। একেখন শিক্ষানুষ্ঠানতে তেওঁ খোল বাদ্যৰো প্রশিক্ষণ গ্রহণ কৰিছিল। কাৰণ তেতিয়াই দীপক শৰ্মাই ভালদৰে উপলব্ধি কৰিছিল যে বাঁহীটো কেৱল মাত্র এটা বাদ্য অথবা মনোৰঞ্জনৰ আহিলা নহয়। বাঁহীটো মানুহৰ জীৱন পৰিক্ৰমাৰো মূর্ত প্রকাশ। সেয়েহে ভালদৰে বাঁহীটো বজাবলৈ হ’লে শাস্ত্রীয় সংগীতৰ অন্তর্ভুক্ত আন বাদ্যবোৰো বজাব জানিব লাগিব। নলবাৰীৰ বনগাঁও হাইস্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ দীপক শর্মা গুৱাহাটীমুৱা হৈছিল। গুৱাহাটী কমার্চ কলেজত তেওঁ নামভর্তি কৰিছিল। গুৱাহাটীত থাকিবলৈ লৈছিল অম্বিকাগিৰী নগৰত থকা তেওঁলোকৰ এচলীয়া ঘৰটোত।

এদিন দীপক শর্মাই আপোনমনে বাঁহী বজাই থকাৰ সময়ত ঘৰটোলৈ এজন অচিনাকি মানুহ সোমাই আহিছিল আৰু নিজকে আকাশবাণী গুৱাহাটীৰ বিষয়া দীপক ভাগৱতী বুলি চিনাকি দি কৈছিল যে বাঁহীৰ সুৰে তেওঁক তেনেদৰে অচিনাকি এঘৰ মানুহৰ ঘৰৰ ভিতৰলৈ সোমাই আহিবলৈ বাধ্য কৰালে। ভাগৱতীয়ে দীপক শর্মাক আকাশবাণীলৈ মাতি পঠিয়ায় আৰু যুৱবাণীৰ বাবে সাক্ষাৎকাৰ দিবলৈ কয়। সেইমতে তেওঁ সাক্ষাৎকাৰত বহে আৰু যুৱবাণীৰ ষ্টাফ আর্টিষ্টৰূপে নির্বাচিত হয়। সমান্তৰালভাৱে দূৰদৰ্শনৰো শাস্ত্রীয় সংগীতৰ বাঁহীৰ বি গ্রেড হাই’ শিল্পীৰূপে দীপক শর্মা নির্বাচিত হয়। ইতিমধ্যে খ্যাতনামা শিল্পী প্রভাত শৰ্মাৰ লগত তেওঁৰ পৰিচয় হৈছিল। প্রভাত শর্মাই আছিল দীপক শৰ্মাৰ বাঁহীৰ আনুষ্ঠানিক প্রথম গুৰু।

ইফালে, বিদ্যায়তনিক ক্ষেত্রতো বুৎপত্তি প্রদর্শন কৰা দীপক শৰ্মাই বেংকিং বিষয়ত সন্মানসহ স্নাতক ডিগ্রী অর্জন কৰে। ইয়াৰ পাছতে তেওঁ ঢাপলি মেলে কলকাতালৈ। বিদ্যায়তনিকৰ পৰিৱৰ্তে বাঁহীৰ উচ্চ শিক্ষা গ্রহণৰ উদ্দেশ্য লৈ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ত নামভর্তি কৰে। তেতিয়াই তেওঁ প্রখ্যাত বাঁহীবাদক দেবু বেনাৰ্জীৰ সান্নিধ্য লাভ কৰে। ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা দীপক শৰ্মাই স্নাতকোত্তৰ ডিগ্রী অর্জন কৰে। দীপক শৰ্মায়েই হ’ল অসমৰ প্ৰথম যন্ত্র সংগীত (বাঁহী)ত স্নাতকোত্তৰ ডিগ্রীধাৰী। তেতিয়াৰ কলিকতা তথা বৰ্তমানৰ কলকাতাৰ পৰাই বাঁহীৰ ক্ষেত্ৰখনৰ এখন বিশাল পথাৰত ভুমুকি মাৰিবলৈ সক্ষম হৈছিল প্রয়াত শিল্পীজনে। অৱশ্যে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি তেওঁ অসমলৈ উভতি আহিছিল আৰু বাঁহীৰ জগতখনত নিমগ্ন হৈছিল। দীপক শর্মাই খ্যাতিসম্পন্ন বাঁহীবাদক হৰিপ্ৰসাদ চৌৰাছিয়াৰ সান্নিধ্য পাবলৈ ব্যাকুল হৈ আছিল। কাৰণ চৌৰাছিয়াৰ বাঁহীৰ সুৰত তেওঁ কেতিয়াবাৰ পৰাই আচ্ছন্ন হৈ আছিল। অৱশেষত ১৯৯৪৩ গুৱাহাটীতে তেওঁৰ সেই সপোন বাস্তৱায়িত হৈছিল। দীপক শর্মাই বজোৱা বাঁহীৰ সুৰত মুগ্ধ হৈছিল চৌৰাছিয়াও। তেওঁ দীপক শর্মাক মাতি পঠিয়াইছিল। সেইমতে এদিন মুম্বাইলৈ যাত্ৰা কৰিছিল দীপক শৰ্মাই। তাৰ পাছতে আৰম্ভ হৈছিল মুম্বাইত নিজক প্ৰতিষ্ঠা কৰাৰ যুঁজ।

হৰিপ্ৰসাদ চৌৰাছিয়াৰ পৰা লাভ কৰা শিক্ষাৰে সমৃদ্ধ হৈছিল প্রয়াত শিল্পীজন। দক্ষতা আৰু প্ৰতিভাৰ বলত মুম্বাইত থকা সময়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰৰ বহু অনুষ্ঠানত বাঁহীৰ সুৰ পৰিৱেশন কৰিবলৈ সক্ষম হৈছিল তেওঁ। প্রখ্যাত অভিনেত্রী তথা নৃত্য পটীয়সী মীনাক্ষী শেষাদ্ৰীৰ দলৰ বাঁহীবাদক আছিল তেওঁ। সেই সূত্রেই দেশে-বিদেশে বহু মঞ্চত দীপক শর্মাই বাঁহী বজাইছিল। আন্তঃৰাষ্ট্ৰীয় স্তৰতো বাঁহীৰ সুৰেৰে মায়াজাল সৃষ্টিকৰা দীপক শৰ্মাৰ লগত গভীৰ সম্পৰ্ক গঢ়ি উঠিছিল জার্মানীৰ এটা শিল্পীৰ দলৰ। পৰৱৰ্তী সময়ত ‘মিটো’ নামৰ জাৰ্মানীৰ সংগীতৰ এটা বেণ্ডৰ লগত যুক্ত হৈ পৰিছিল প্রয়াত শিল্পীজন। সমগ্র ইউৰোপত সংগীত পৰিৱেশন কৰি ঘূৰি ফুৰা দীপক শৰ্মাৰ বাবে এটা সময়ত জার্মানী দ্বিতীয় ঘৰ সদৃশো হৈ পৰিছিল। তাৰ মাজতো কিন্তু নিজৰ জন্মভূমিলৈ আছিল তেওঁৰ সুগভীৰ টান। জাৰ্মানীৰ সংগীত দলৰ লগত যুক্ত থাকিলেও অসমলৈ তেওঁ উভতি আহিছিল। জন্মভূমিৰ মাটিৰ গোন্ধ লৈ এইবাৰ তেওঁ জাৰ্মানীৰ আর্হিত অসমত এটা মিউজিক বেণ্ড গঠন কৰিবলৈ সিদ্ধান্ত লয়। সেই সূত্রে কে’বাগৰাকী জার্মান বন্ধুক লৈ দীপক শৰ্মাই অসমৰ ভূমিত জন্ম দিয়ে ‘বেণ্ড অৱ ব্রাদাৰ্ছ’ নামৰ এটা বেণ্ড।

বাঁহীক লৈ ব্যস্ত থকাৰ মাজতে দীপক শৰ্মাই সংগীত পৰিচালনাৰ দিশতো হাত দিছিল। তদুপৰি তেওঁ ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ লগতো অনুষ্ঠান কৰিছিল। জুবিন গাৰ্গৰ লগত অতি ঘনিষ্ঠ সম্পর্ক আছিল দীপক শৰ্মাৰ। জংকি-পানৈ, জাতিংগা ইত্যাদি, লুইতক ভেটিব কোনে আদি চলচ্চিত্ৰৰ তেওঁ সংগীত পৰিচালনা কৰিছিল। ভ্রাম্যমাণ থিয়েটাৰৰো কে’বাখনো নাটকৰ তেওঁ সংগীত পৰিচালনা কৰিছিল।

#দীপক শৰ্মাৰ বিয়োগত শোকাহত শিল্পী সমাজ

দীপক শৰ্মাৰ বিয়োগত স্মৃতিকাতৰ হৈ যশস্বী শিল্পী তবালি শর্মাই কয় যে বহু কথাই আজি তেওঁৰ মনত দোলা দিছে। কাৰণ দীপক শৰ্মা আছিল তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ দৰে। তৰালি শৰ্মাই কয়, ‘সূর্য উঠাৰ পূৰ্বেই দেউতাই বাঁহীৰ আখৰা কৰিছিল। সেই আখৰালৈ দীপকদাও আহিছিল। দীপকদা অহাৰ পাছত পৰিৱেশটোৱেই সলনি হৈ গৈছিল গৈছিল। যাদুকৰী সুৰ তুলিছিল তেওঁ। । এবাৰ এবাৰ বাঁহীত ফু মৰাৰ লগে লগে পৰিৱেশটোৱেই যেন বেলেগ হৈ গৈছিল। এক বহেমিয়ান জীৱন থকা দীপকদাৰ পৰা আমি আৰু বহুত পাবলগীয়া আছিল। জুবিনদাৰ পৰাও আমি বহুত পাবলৈ থাকিল। দীপকদাৰ পৰাও থাকিল। আমাৰ কাৰণে সময়বোৰ বৰ কষ্টকৰ হৈছে।’

# ৰাজহুৱা শ্ৰদ্ধাঞ্জলীত উপস্থিত হৈ বিশিষ্ট কবি প্ৰনৱ কুমাৰ বৰ্মনৰ শোকপ্ৰকাশ কৰি কয়,এটা এটা ৰত্ন হেৰাই গ’ল দীপক দাও গুচি গ’ল ৷ বিদেশৰ পৰা আহোঁতে আদৰি অনা দৰে লাগিছে দীপক দাক৷ জীৱনৰ অন্তিমতো ভিডি’অ ৰেকৰ্ডিং মোৰ ঘৰত কৰিছিল

#মুখ্যমন্ত্ৰীৰ সহ বিভিন্ন দল- সংগঠনৰ শোক প্ৰকাশ:

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ মৃত্যুত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি দল-সংগঠন, ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে। বিশিষ্ট বাঁহীবাদকজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্রী ড° শর্মাই। এক বিবৃতিত মুখ্যমন্ত্রীয়ে কয়, ‘বাঁহীৰ সুৰেৰে জগত জিনা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী দীপক শৰ্মাৰ অকাল বিয়োগৰ খবৰ শুনি অতিকৈ মর্মাহত হৈছো। বাঁহীৰ লহৰ তুলি বহু অনবদ্য সৃষ্টিবাজিবে সাংস্কৃতিক জগতক মহীয়ান কৰা শৰ্মাৰ বিয়োগ জাতীয় জীৱনৰ কাৰণে বৃহৎ ক্ষতি। তেওঁৰ অৱদান উত্তৰ প্ৰজন্মই চিৰদিনৰ কাৰণে মনত ৰাখিব। প্রখ্যাত বাহীবাদক, সংস্কৃতিৰ সাধকগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকাকুল পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰিলো।’

আনহাতে, খ্যাতিসম্পন্ন বাঁহীবাদকজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। এক বিবৃতিত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘বাহীবে জগত জিনা শিল্পী দীপক শৰ্মাৰ বিয়োগত আমি গভীৰ শোক প্ৰকাশ কৰিছো। অতুলনীয় সাংগীতিক প্রতিভাৰ গৰাকী দীপক শৰ্মাই বাঁহীৰ সুৰেৰে সমন্বয়ব সাঁকো সাজিছিল। মৰমৰ বাণী বিলাইছিল। অসমত বাঁহীক আধুনিক বাদ্যৰূপে জনপ্রিয় আৰু সম্ভাৱনাময় কৰি তুলিছিল। এসময়ত শাস্ত্রীয় সংগীতো পৰিবেশন কৰা শৰ্মাই বাঁহীটো লৈয়েই অসম আৰু অসমীয়াত্বক বিশ্ব মঞ্চত তুলি ধৰিবলৈ সক্ষম হৈছিল। জীয়াই থকাৰ তেওঁৰ প্ৰচুৰ হেঁপাহ আছিল। এইগৰাকী শিল্পীৰ অকাল বিয়োগৰ খবৰ অসহনীয়। গভীব শ্রদ্ধাঞ্জলিৰে শেষ বিদায় জনাইছো। অসমৰ সমাজ জীৱনে বাঁহীবাদকগৰাকীৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিব।’ একেটা বিবৃতিতে সভাপতি গগৈয়ে কয়, ‘এবুকু অভিমান সামৰি বাঁহীৰ আজন্ম প্রেমিকজন গুচি গ’ল। বাট হেৰুৱাই নিথৰুৱা হ’ল সুৰবোৰ। বুকুৰ বতাহ টানি বাঁহীৰে পৃথিৱীৰ মানুহক একেটা সুৰত বন্ধা শৰ্মাৰ মৃত্যুৰ খবৰ মানি ল’ব নোৱাৰি। বাঁহীবে বিশ্ববাসীৰ আস্থা আৰু বিশ্বাসৰ লগতে ভালপোৱা বোটলা শিল্পীগৰাকীৰ মনত শিপাই আছিল গভীৰ জাতীয়তাবোধ। অসমৰ লোক সংগীত আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ সুৰ বাঁহীৰে প্ৰতিবাদ কৰি তুলিছিল শিল্পীগৰাকীয়ে। এতিয়াৰে পৰা আমি আৰু কেতিয়াও নুশুনো দীপক ৰাগ। এই বেদনাই মর্মাহত কৰিছে।’

ইপিনে, সাধাৰণ সম্পাদক ভূঞাই কয়, ‘বিশিষ্ট বাহীবাদকগকাৰীৰ অকাল বিয়োগ জাতিটোৰ বাবে অপূৰণীয় ক্ষতি। তেওঁৰ অৱৰ্তমানত পৰিয়ালটোৰ চোৱাচিতা কৰিবলৈ আমি অসম চৰকাৰক অনুৰোধ জনাইছো। দীপক শর্মা নামব শিল্পীসত্তাটো তেওঁৰ সৃষ্টিৰ মাজেৰে অসমবাসীৰ মৰমত চিৰদিন উমলি-জামলি থাকিব। আমি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছো। অসমৰ আকাশে-বতাহে অনুৰণিত হৈ থাকিব এই বাঁহীৰ সুৰ।’

আনহাতে, অসমৰ সাংস্কৃতিক জগতৰ সংগীত শিল্পী দীপক শৰ্মাৰ মৃত্যু আমাৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে বিশিষ্ট সাংস্কৃতিক কর্মী গোপাল জালানে। এক বিবৃতিত তেওঁ কয় যে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত এক পূৰাব নোৱাৰা শূন্যতা দীপক শৰ্মাৰ মৃত্যু। তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে জালানে।

ইফালে, শিৱসাগৰৰ কে পি এম চাৰিআলিৰ কালিপ্রসাদ চলিহা মেম’ৰিয়েল ভবন প্রাংগণত আজি সন্ধিয়া বিশিষ্ট সংগীতজ্ঞ ছৈয়দ ছাদুল্লা আৰু বাঁহীৰ যাদুকৰ দীপক শৰ্মাৰ ৰাজহুৱা শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। শিৱসাগৰ বাণিজ্যমেলাস্থলীত অনুষ্ঠিত এই অনুষ্ঠান পৰিচালনা কৰে প্ৰাক্তন ছাত্র নেতা প্রদীপ বৰগোহাঁয়ে। অনুষ্ঠানত বস্তি প্রজ্বলন, পুষ্পাঞ্জলি অর্পণ কৰা কয়। এই কাৰ্যসূচীত শিৱসাগৰ জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ গগৈ, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মণিৰুল ইছলাম বৰাকে ধৰি কে’বাগৰাকীও বিশিষ্ট ব্যক্তিয়ে কয় যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অসমবাসীয়ে অকালতে হেৰুওৱাৰ বেদনা আৰু ন্যায়ৰ বাবে সৰ্বস্তৰত প্ৰতিবাদ চলি থকাৰ মাজতে অসমবাসীয়ে কণ্ঠসম্রাট ছৈয়দ চাদুল্লা আৰু বাঁহীৰ যাদুকৰ দীপক শৰ্মাক হেৰুৱালে। এই দুয়োগৰাকী মহান শিল্পীক অতি কম দিনৰ ভিতৰত হেৰুৱাই অসমবাসীয়ে আজি মর্মাহত হৈছে।

ইফালে, খ্যাতিসম্পন্ন বাহীবাদক শৰ্মাৰ মৃত্যুৰ বাতৰিয়ে শোকৰ ছাঁ পেলাইছে ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ সত্রশাল ঝসকাল অঞ্চলত। হৃদৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ চন্দন মদকৰ জৰিয়তে অঞ্চলটোৰ লগত সুসম্পর্ক গঢ়ি উঠা শর্মাই সীমান্তৰ বিহুকে ধৰি বিভিন্ন অনুষ্ঠানত সততে অংশগ্রহণ কৰি আহিছিল। আজি পুৱা শিল্পীজনৰ মৃত্যুৰ বাতৰিৰ খবৰ পোৱাৰ লগে লগে শোকত ম্রিয়মাণ হৈ পৰে অঞ্চলবাসী। ৰামৰায়কুঠী সত্ৰৰ সত্ৰাধিকাৰ তথা অসম সত্র মহাসভাৰ সভাপতি জীতেন্দ্র নাথ প্রধানীয়ে গভীৰ শোক প্ৰকাশ কৰি কয় যে হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ শোক এতিয়াও পাহৰিব পৰা নাই। তাৰ মাজতে অসমবাসীৰ বাবে দীপক শৰ্মাৰ মৃত্যুৰ খবৰ দুৰ্ভাগ্যজনক। অসমৰ সাংস্কৃতিক জগতৰ পৰা এটাৰ পাছত এটাকৈ উজ্জ্বল নক্ষত্র খহি পৰি আছে। এই ঠাইবোৰ কেতিয়াও পূৰণ কৰা সম্ভৱ নহ’ব। আনহাতে, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদকজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে শৰণীয়া কছাৰী সাহিত্য সভা অসমে।

ইফালে, বাঁহীবাদক শৰ্মাৰ মৃত্যুত দিছপুৰ ছুপাৰ মার্কেটস্থিত প্রতিমা বৰুৱা পাণ্ডে কলা কৃষ্টি প্রতিষ্ঠানৰ সভাপতি অজিত বর্মন আৰু সম্পাদক অজিত ঠাকুৰীয়াই গভীৰ শোক কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Exit mobile version