NEDA: নেডাৰ আহ্বায়ক ড:হিমন্ত বিশ্ব শৰ্মা সলনি হোৱাৰ সম্ভাৱনা !

চৰ্চালৈ আহিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা অথবা নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰি'অ

iikpnbi8 himanta biswa sarma

NEDA:

উত্তৰ পূৰ্বৰ এনডিএ অংশীদাৰী আঞ্চলিক দল সমূহক লৈ গঠন কৰা নেডাৰ আহ্বায়ক পদৰ পৰা অচিৰেই সলনি হ’ব ড:হিমন্ত বিশ্ব শৰ্মা। ২০২১ত অসমৰ মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব লোৱাৰ পিছৰে নেডাৰ আহ্বায়ক হিচাপে সাংগাঠনিক কামকাজ কৰাত কিছু অসুবিধা সন্মুখীন হৈ আহিছিল ড:শৰ্মা ৷ একেদৰে বিজেপিৰ বিভিন্ন ৰাজ্যৰ নিৰ্বাচনত ষ্টাৰ কেম্পেইনাৰ হিচাপে সততে নিয়োজিত থকাত উত্তৰ পূৰ্বৰ আঞ্চলিক দল সমূহৰ স’তে সঘনে মিলিত হ’ব পৰা নাছিল ড:শৰ্মা ৷

ইতিমধ্যে মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতি, অসম নগালেণ্ডৰ সীমা বিবাদ সহ কেতবোৰ আঞ্চলিক বিষয়ত নেতাৰ আহ্বায়ক হিচাপে বিশেষ তৎপৰ দোৱৰট ব্যৰ্থতা প্ৰদৰ্শন কৰি অহাৰ পৰিপ্ৰেক্ষিতত ড:শৰ্মাৰ স্থানত এজন জনজাতিয় নেতাক নেডাৰ আহ্বায়ক দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ এনে ক্ষেত্ৰত চৰ্চালৈ আহিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা অথবা নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰি’অ ৷

Exit mobile version