জুবিনক্ষেত্ৰ ঘেৰি ২৯ বিঘা বেদখল মন্ত্ৰীৰ

IMG 20251105 110346

Zubeenkhetro:✒️প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰস্থিত সমাধিক্ষেত্রৰ গাতে লাগি থকা ২৯ বিঘা ১৪ লেচা চৰকাৰী ভূমি বেদখল কৰি ৰাখিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ সতীর্থ অশোক সিংহলে। ‘দৈনিক অগ্রদূত’ৰ ক্ষেত্ৰত ভিত্তিক অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে। সোণাপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ তথ্য অনুসৰি, মন্ত্রী সিংহলৰ দখলত থকা ট্রাইবেল বেল্ট এণ্ড ব্লকৰ অধীনৰ উল্লিখিত ভূমিখিনিৰ দাগ নম্বৰ হৈছে ১১২। এই ভূমিখিনি সিংহলৰ নামলৈ অহাৰ পূৰ্বে মনোজ জালান নামৰ লোকজনৰ নামত আছিল। নন কেডষ্টেল এই চৰকাৰী ভূমিখিনি জালানে ক’ৰ পৰা কেনৈকে হস্তগত কৰিছিল তাৰ কোনো তথ্য ৰাজহ চক্ৰৰ কাৰ্যালয়ত নাই। বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিয়ে এই সন্দর্ভত ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ পৰা তথ্য বিচাৰিছিল যদিও কার্যালয়টোৱে মাটিখিনি কিদৰে জালানৰ নামলৈ আহিছিল তাৰ কোনো তথ্য যোগান ধৰিব নোৱাৰিলে।

উল্লেখ্য যে এই মনোজ জালান হৈছে মন্ত্রী সিংহলৰ মালিকানাধীন প্রট্রেক গ্ৰুপৰ সঞ্চালক। লগতে মন্ত্রী সিংহলৰ পৰিয়ালৰ নামত থকা কে’বাটাও কোম্পানীতো গুরুত্বপূর্ণ পদত অধিষ্ঠিত হৈ আছে জালান। ইয়াৰ পৰাই স্পষ্ট হৈছে যে প্রথমে জালানৰ নামত চৰকাৰী মাটিখিনি দখল কৰি পৰৱৰ্তী সময়ত ৰাজনৈতিক প্ৰভাৱ খটুৱাই সিংহলে সেয়া নিজৰ দখললৈ আনিছিল।

ইফালে, ট্রাইবেল বেল্ট এণ্ড ব্লকত মন্ত্রী সিংহলে কিদৰে ২৯ বিঘাৰো অধিক মাটি বেদখল কৰি নিজৰ নামলৈ নিবলৈ সক্ষম হ’ল, এই ঘটনাই সমগ্র ডিমৰীয়া অঞ্চলত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ কাষত থকা মাটি কাৰ বুলি অঞ্চলটোৰ কাৰোবাক প্রশ্ন কৰিলে, প্রত্যেকৰে মুখত এটাই নাম উচ্চাৰিত হয় ‘অশোক সিংহল’। মন্ত্রী সিংহলে এই চৰকাৰী মাটি কিদৰে আৰু কাৰ বলত কুক্ষিগত কৰিছিল, ইয়াৰ ব্যাখ্যা আগবঢ়াই বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিয়ে কয় যে তিনি বছৰৰ পূৰ্বে এতিয়া যি স্থানত জুবিন গাৰ্গৰ সমাধিক্ষেত্র আছে, সেই স্থানত এখন প্রকাণ্ড পাহাৰ আছিল। তেতিয়া এই প্রকাণ্ড পাহাৰ খননৰ বাবে বন বিভাগ, ৰাজহ চক্ৰৰ পৰা মনোজ জালান নামৰ লোকজনে অনুমতি আদায় কৰিছিল। পাহাৰৰ মাটি খনন কৰা স্থানীয় লোকে প্রত্যক্ষ কৰাৰ পাছতে বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতি বন বিভাগৰ কাষ চাপে। কিয়নো যি স্থানত মাটি কটা হৈছিল, সেই ভূমি নন কেডেস্ট্রেল আৰু নন কেডেস্ট্রেলত মাটি কটাৰ আদেশ দিব নোৱাৰে। বন বিভাগৰ কাৰ্যালয়ত যেতিয়া সমিতিৰ বিষয়ববীয়া উপস্থিত হয়, তেতিয়া তেওঁলোকক কোৱা হয় যে ৰাজহ চক্র কার্যালয়ে ইয়াৰ সকলো ব্যৱস্থা কৰি দিছে। ইয়াৰ পাছতে সমিতিয়ে ইয়াৰ বিৰোধিতাৰে ৰাজহ চক্ৰৰ লগতে জিলা আযুক্তলৈ পত্ৰ প্ৰেৰণ কৰে। যোৱা দুই-তিনি বছৰ এইদৰে যোৱাৰ পাছত শেহতীয়াকৈ জুবিনৰ সমাধিক্ষেত্ৰত নিৰ্মাণৰ সময়ছোৱাতহে সেই জালানৰ নামত মাটি কটাৰ নিৰ্দেশনা ওলোৱা মাটিখিনি মন্ত্রী সিংহলৰ নামলৈ অহা বিষয়টো পোহৰলৈ আহে বুলি সমিতিয়ে সদৰী কৰিছে।

ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীক হাত কৰি মাটি দখল কৰিছিল মন্ত্রী সিংহলে

ইফালে, এই মাটি মন্ত্রী সিংহলে কিদৰে নিজৰ দখললৈ নিছিল বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিৰ সম্পাদক ৰাজু তাঁতীয়ে ব্যাখ্যা আগবঢ়াই কয়, ‘এজন ব্যক্তিয়ে ইমানখিনি মাটি কেনেকৈ ল’লে, সেয়া ৰহস্যজনক। আজি স্থানীয় মানুহে মাটিৰ অধিকাৰ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। তেনেস্থলত মন্ত্রী সিংহলে কিহৰ বলত ইমানখিনি মাটি দখল কৰিব পাৰিলে? মনোজ জালানৰ নামত পাহাৰ কটাৰ নিৰ্দেশনাটো ওলোৱাৰ তিনি-চাৰি বছৰৰ পাছত ৰহস্যজনকভাবে মাটিখিনি সিংহলৰ নামলৈ আহে।’ তেওঁ কয় যে জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ আশে-পাশে থকা মাটিখিনি সিংহলৰ নামত থকা বুলি ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ পৰা তেওঁলোক অবগত হৈছে। কিদৰে এই মাটি তেওঁলোকৰ নামলৈ গৈ সেই কথা উল্লেখ কৰি তেওঁ কয়, ‘দুষ্ট প্ৰকৃতিৰ লোকসকলে প্রথমে কোনো এটা স্থানৰ পট্টা এখন ক্ৰয় কৰি লয়। নন কেডস্ট্রেল ভূমিৰ পূৰ্বতে ম্যাদীপট্টা আছিল, তেওঁলোকে পট্টা এখন ক্ৰয় কৰি লৈ সুবিধাজনক স্থান নিৰ্বাচন কৰি ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ কোনো লোকক হাত কৰি সেই স্থানত পট্টাখন বহুৱাই দিয়ে। কাৰণ নন কেডেস্ট্রল ভূমিৰ মেপ নাথাকে। ফলত পট্টাখন বহুৱাই এইখিনি মাটি এওঁলোকৰ হয় বুলি ৰাজহ চক্র কার্যালয়ে দেখুৱাই দিয়ে। পাছত কেইদিনমান দখলত ৰাখি বাকী নথি-পত্ৰৰ কাম আৰম্ভ কৰি দিয়ে।’ এই মাটি দক্ষিণ কামৰূপ ট্রাইবেল বেল্ট এণ্ড ব্লকৰ অধীনৰ অঞ্চলত আছে আৰু সিংহলে ক্রয় কৰিব পৰা ক্ষমতা নাই বুলি উল্লেখ কৰি তাঁতীয়ে কয়, ‘ট্রাইবেল বেল্ট এন্ড ব্লকত এজন অসুৰক্ষিত শ্রেণী, মাৰোৱাৰী লোকে কিদৰে মাটি ক্ৰয় কৰিব পাৰিলে, আমি নিশ্চিতভাৱে আইনৰ কাষ চাপিম। লগতে সিংহলক সুমতি দিয়ক যে তেওঁ স্বইচ্ছাই মাটিখিনি জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ নামত এৰি দিয়ক, অন্যথা ডিমৰীয়াবাসীয়ে আন্দোলনৰ পথ বাছি ল’ব।’

মুখ্যমন্ত্ৰীয়ে সমাধিক্ষেত্ৰৰ আশে-পাশে কাৰ মাটি আছে, নাজানো বুলি কোৱাটো হাস্যকৰ

আনহাতে, জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ আশে-পাশে কাৰ মাটি আছে, ৰাজ্যৰ মুৰব্বীগৰাকীয়ে নাজানো বুলি কোৱাটো হাস্যকৰ বুলি মন্তব্য কৰিছে বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিয়ে। সমিতিয়ে কয় যে মুখ্যমন্ত্ৰীৰ নখ দর্পণতে থাকে সকলোৰে কথা। এজন প্রভাবশালী মন্ত্রীৰ লগতে তেওঁৰ বহু দক্ষতা আছে আৰু মেধাসম্পন্নও। কোনোবাই মুখখন মেলিলেই তেওঁ কৈ দিব পাৰে কি ক’ব। ‘এক কথাত ক’বলৈ গ’লে তেওঁৰ অনুমতি অবিহনে অসমৰ আকাশত চৰাই এটাও উৰিব নোৱাৰে; কিন্তু জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ কাষত কাৰ মাটি, কি কথা তেওঁ যে গম নাপায় বুলি কোৱা কথাষাৰহে দুর্ভাগ্যজনক। তাতে বেলেগ স্থান বা লোকৰ কথা গম নাপাওঁ বুলি ক’লে মানি ল’ব পাৰি, কিন্তু জুবিন গাৰ্গৰ সমাধিক্ষেত্র যিখন সমগ্ৰ অসমৰ ৰাইজে অতি আটকধুনীয়াকৈ হোৱাটো বিচাৰিছে। আজি সোণাপুৰবাসী ৰাইজ গৌৰৱান্বিত যে জুবিন গাৰ্গক আমাৰ মাজত ৰাখিছে। আমাৰ মানুহেও বিচাৰিছে যে সমাধিক্ষেত্ৰৰ চৌপাশে যিমান চৰকাৰী মাটি আছে, সমাধিক্ষেত্ৰত ব্যৱহাৰ হওক। ৫০-৬০ বিঘাৰ মাটি লৈ এটা আটকধুনীয়া সমাধিক্ষেত্র নির্মাণ কৰক, য’ত থাকিব পাৰ্কিঙকে ধৰি সকলো সুব্যৱস্থা। বিপৰীতে তেওঁৰ মন্ত্রীসভাৰ এজন সদস্যই অৰাজকতাৰে কাম কৰিছে, সেয়া তেওঁ কিয় গম নাপায়?’ এইদৰে কয় সমিতিয়ে। মন্ত্রী সিংহলৰ এই দুষ্কাৰ্য মুখ্যমন্ত্রীরূপে গা পাতি ল’ব লাগিব বুলি সমিতিয়ে উল্লেখ কৰি লগতে কয় যে সুধাকণ্ঠৰ সমাধিক্ষেত্ৰৰ দৰে জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ বাবে ১০ বিঘা মাটি দিয়া হৈছে বুলি মুখ্যমন্ত্রীয়ে কৈছে। ৰাইজে সংশ্লিষ্ট চৌপাশত যিমান চৰকাৰী মাটি আছে, ব্যৱহাৰ কৰিবলৈ দাবী জনাইছে। সমাধিক্ষেত্র নির্বাচন কৰোতে সোঁৱে-বাঁবে কাৰ মাটি আছে বিভাগে নিশ্চিতভাৱে মুখ্যমন্ত্রীক অৱগত কৰিছে বুলি বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিয়ে সদৰী কৰি লগতে কয় যে জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰক দিব পৰাকৈ সেই চৌপাশত বহু বিঘা চৰকাৰী মাটি আছে। সিংহলে ২৯ বিঘা মাটি দখল কৰি ৰাখিছে আৰু এয়া চৰকাৰী মাটি। গতিকে এই চৰকাৰী মাটি চৰকাৰৰ দখললৈ আনি সমাধিক্ষেত্র আটকধুনীয়াকৈ নির্মাণ কৰক। জালুকবাৰীত ১০ বিঘা দিছে, ভাল কথা; কিন্তু জালুকবাৰীত বেছি মাটি উলিওৱাটো কঠিন। বিপৰীতে ইয়াত পর্যাপ্ত মাটি দিব পৰাকৈ বিঘাই বিঘাই চৰকাৰী মাটি পৰি আছে। চৰকাৰী মাটি পৰি থকাৰ পাছতো কিয় দিব খোজা নাই বুলি সমিতিয়ে প্রশ্ন কৰি কয়, ‘আমি ভাবিম যে মুখ্যমন্ত্ৰীয়ে সিংহলক মৰম কৰিছে, ৰাইজক মৰম কৰা নাই। জুবিন গাৰ্গৰ সমাধিক্ষেত্র আটকধুনীয়াকৈ বিশাল স্থানত গঢ় লৈ উঠক সেয়া হয়তো তেওঁ বিচৰা নাই। ইচ্ছা কৰিলে তেওঁৰ এটা নির্দেশতে সিংহলে সকলো মাটি এৰি সমাধিক্ষেত্ৰত দিব।’

Exit mobile version