Zubeenkhetro:✒️লক্ষ লক্ষ অনুৰাগীক দুখৰ সাগৰত পেলাই সুদূৰ ছিংগাপুৰত যোৱা ১৯ ছেপ্টেম্বৰত ৰহস্যজনক মৃত্যুক সাবটি লোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱা সোণপুৰৰ সেই বিশেষ স্থান আজি পুণ্যতীর্থলৈ পর্যবসিত হৈছে।
জুবিন গাৰ্গৰ মৃত্যুৰ আজি ৪৮ দিন অতিক্ৰম কৰাৰ পাছতো প্রত্যেক দিনাই সমাধিক্ষেত্ৰত হেজাৰ হেজাৰ অনুৰাগীয়ে ঘেৰি ৰাখিছে প্রিয় শিল্পীগৰাকীক। কোনোৱে যদি চাকি-বন্তি জ্বলাই তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে, কোনোজনে প্রিয় শিল্পীগৰাকীয়ে ভালপোৱা সামগ্ৰীৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
‘জয় জুবিন দা’, ‘জুবিন দা অমৰ হওক’ নাইবা শিল্পীগৰাকীৰ প্ৰিয় গীতৰ পংক্তি লিখা গামোচাৰে ভৰি পৰিছে সমগ্ৰ চৌপাশ। উল্লেখ্য যে জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত হেজাৰ হেজাৰ গামোচাৰ দ’মৰে ভৰি পৰিছে। এই গামোচাসমূহ ৰাজ্যৰ প্রতিখন শিক্ষানুষ্ঠানলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে জিলা প্রশাসনে আৰু কালিৰে পৰা এই প্ৰক্ৰিয়া আৰম্ভ হৈছে।
ইয়াৰ কাৰণে জুবিন গাৰ্গৰ সমাধিৰ কাষতে স্থাপন কৰা হৈছে চাৰিটাকৈ অস্থায়ী গৃহ, য’ত গামোচাসমূহ জমা কৰি ৰখা হৈছে।
এই প্রত্যেকটো অস্থায়ী গৃহ নিয়ন্ত্ৰণ কৰিবলৈ ডিমৰীয়া সমজিলা প্ৰশাসনৰ তৰফৰ পৰা ১২জন বিষয়া-কর্মচাৰীক নিয়োগ কৰা হৈছে। দিনৰ ১০ বজাৰ পৰা বিয়লি তিনি বজালৈ সংশ্লিষ্ট শিক্ষানুষ্ঠানে এই গৃহৰ পৰা গামোচা সংগ্ৰহ কৰিব পাৰিব।
সংশ্লিষ্ট স্থানত নিয়োজিত চৰকাৰী কৰ্মচাৰীয়ে সদৰী কৰা অনুসৰি, আজিৰ দিনটোলৈকে অসমীয়া গামোচাৰ লগতে বিভিন্ন জনগোষ্ঠীয় কে’বা হেজাৰ গামোচা জমা হৈ আছে। প্রথম অৱস্থাত ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহক এই গমোচা প্ৰদান কৰা হ’ব।
ইচ্ছুক শিক্ষানুষ্ঠানে এখন আবেদন পত্র লৈ ইয়াত জমা দিলে তেওঁলোকক পাঁচখনকৈ গামোচা দিয়া হ’ব আৰু এই গামোচাসমূহ তেওঁলোকে শিক্ষানুষ্ঠানত ৰাখিব পাৰিব।






























