Asomiya Yuva Mancha:
মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰস্থিত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ কাষৰ বৃহৎ খালী মাটিখিনি প্ৰকৃততে কাৰ! ইয়াক লৈ তীব্র চর্চা অব্যাহত থকাৰ মাজতে ডিমৰীয়া সমজিলাৰ অন্তৰ্গত ৰাজহ বিভাগৰ নথিত জুবিনক্ষেত্ৰৰ গাতে লাগি থকা ১১২ নম্বৰ দাগৰ ২৯ বিঘা ১৪ লেচা মাটি মন্ত্রী অশোক সিংহলৰ নামত থকাৰ তথ্য পোহৰলৈ আহিছে। ট্রাইবেল বেল্ট আৰু ব্লক অধীনৰ এই বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি কিদৰে এজন বণিয়ালৈ হস্তান্তৰ হ’ল, তাকে লৈ বৃহত্তৰ অঞ্চলটোত তীব্র প্রতিক্রিয়া অব্যাহত আছে।
এই সন্দৰ্ভত বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিয়ে নিজাববীয়াকৈ চলোৱা অনুসন্ধান অব্যাহত ৰখাৰ মাজতে বৃহস্পতিবাৰে আমগুৰিত এক সংবাদমেলযোগে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়া সৰব হৈ পৰে অশোক সিংহালৰ বিৰুদ্ধে ৷
জুবিন ক্ষেত্ৰৰ কাষৰ মাটি মন্ত্ৰী অশোক সিংহাল আৰু ৰাজেশ জালান আৰু মনোজ জালান নামৰ দুই বনিয়াই দখল কৰিছে পিছ দুৱাৰেদি ৷ অতি শীঘ্ৰে এই মাটি বেদখলমুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই শইকীয়াই কয় যদি সংৰক্ষিত বনাঞ্চলৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰিব পাৰে তেন্তে এই সকল বনিয়াৰ পৰা ভূমি কিয় উচ্ছেদ নকৰে মুখ্যমন্ত্ৰীয়ে ৷ জুবিনক্ষেত্ৰৰ সোঁকাষে-বাওঁকাষে কোন আছে নাজানো বুলি টুলুঙা মন্তব্য দিয়া মুখ্যমন্ত্ৰীক সকীয়নি দি অচিৰেই জুবিন ক্ষেত্ৰৰ পৰিশৰ ব্যাপক ৰূপত সম্প্ৰসাৰণ কৰা হওক ৷ একেদৰে অশোক সিংহাল আৰু ৰাজেশ জালান আৰু মনোজ জালান নামৰ দুই বনিয়াক সকীয়নি দি শইকীয়াই কয়,অতি শীঘ্ৰে ভূমি এৰি নিদিলে তেওঁলোকলৈ ৰাজহুৱা স্থানত বিলাহী আৰু কণী দলিওৱাৰ হুংকাৰ প্ৰদান কৰে ৷
আনহাতে এই সকল বনিয়াৰ প্ৰতি মুখ্যমন্ত্ৰীৰ দৰদ উপজিছে তেন্তে মুখ্যমন্ত্ৰীয়ে তেওঁৰে শ শ বিঘা মাটিত সংস্থাপিত কৰক তাত কবলগীয়া একো নাই অসমীয়া যুৱ মঞ্চৰ। আগন্তুক দিনত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰাণ আহুদি দিবলৈ সাজু বুলি মুখ্যমন্ত্ৰীক স্পষ্ট কৰি দিয়ে মঞ্চৰ শীৰ্ষ নেতাজনে ৷
