Bhashkar jyoti Mahanta:
ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ ৷ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৰাজ্যপাললৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ I
ADVERTISEMENT
উল্লেখ্য যে ভাস্কৰজ্যোতি মহন্ত জুবিন গাৰ্গ মৃত্যু ঘটনাৰ অভিযুক্ত শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ ৷ শ্যামকানু মহন্তৰ ভাতৃ হোৱাৰ সূত্ৰে ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ দাবী উঠিছিল বিভিন্ন মহলত।
একেদৰে কনিষ্ঠ ভাতৃ শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰাজ্যিক তথ্য আয়োগত দাখিল হৈছিল কে’বাখনো আৰটিআই। এনেবোৰ ক্ষেত্ৰত মহন্তক তাৎক্ষণিকভাৱে পদত্যাগৰ পৰামৰ্শ দিছিল মুখ্যমন্ত্ৰীয়ে I




































