Union Minister Pabitra Margherita: লেটিন আমেৰিকাৰ দেশ ইকুৱেডৰ ৰাজধানী কিট’ত বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

p 1

Union Minister Pabitra Margherita:

কে’বাদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে চেণ্ট্ৰেল আৰু লেটিন আমেৰিকা ভ্ৰমণৰত ভাৰতৰ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আজি উপস্থিত হয় ইকুৱেডৰ গণৰাজ্যৰ ৰাজধানী কিট’ত ৷

কিট’ৰ কেন্দ্ৰীয় বিমান বন্দৰত উপস্থিত হোৱা বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক উস্ম আদৰণি জনায় কিটস্থিত ভাৰতীয় উচ্চায়ুক্তই ৷ এয়াৰপৰ্টৰ পৰা মন্ত্ৰী গৰাকীয়ে কি’টৰ চৰকাৰী অতিথিশালাত কিছু জিৰণি লৈ বিয়লিভাগত দেশখনৰ ৰাষ্ট্ৰপতি ডেনিয়েল নবোৱাক সাক্ষাৎ কৰে ৷ ৰাষ্ট্ৰপতি নবোৱাৰ স’তে দুয়োখন দেশৰ কেতবোৰ দিশ আৰু ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰে।

উল্লেখ্য চেণ্ট্ৰেল আৰু লেটিন আমেৰিকা ভ্ৰমণৰত কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই ইকুৱেডৰৰ বিভিন্ন দপ্তৰৰ মন্ত্ৰী আৰু শীৰ্ষ বিষয়াবৰ্গৰ লগত দেশৰ হৈ দ্বিপাক্ষিক আলোচনা কৰাৰ লগতে ইকুৱেডৰৰ ৰাজধানী কিট’ত ভাৰতবৰ্ষৰ নৱ-প্ৰতিষ্ঠিত দূতাৱাসৰ উদ্বোধন কৰে।

Exit mobile version