Roi Roi Binale:
অসমীয়াৰ আবেগ জড়িত হিয়াৰ আমঠু জুবিন গাৰ্গৰ সপোনৰ কথাছবি ”ৰৈ ৰৈ বিনালে’ পাইৰেচী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ দুলীয়াজানৰ পাৰ্থ প্ৰতিম গগৈ নামৰ যুৱক এজনক ৷
উল্লেখ্য যে ‘ৰৈ ৰৈ বিনালে’ চিনেমা খন যাতে কোনো ক্ষেত্ৰত পাইৰেচী নহয় তাৰ বাবে সষ্টম হৈ আছিল অসম আৰক্ষী আৰু জুবিন ফেন ক্লাব ৷ তাৰ পিছত নিজ কুচৰিত্ৰ সলনি কৰা নাছিল একাংশ লোকে ৷
দুলীয়াজানৰ ২নং ছালাকটকী গাঁৱৰ পাৰ্থপ্রতিম গগৈ নামৰ যুৱকজনে কথাছবি খন চিনেমা গৃহত চাবলৈ গৈ গোপনে ম’বাইলত আবদ্ধ কৰি চিনেমাৰ ভিডিঅ’ সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰিছিল ৷ ইয়াৰ পিছতে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অভিযান চলাই পাইৰেচী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে পাৰ্থ প্ৰতিম গগৈ নামৰ যুৱকজনক ৷ ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে যুৱকজনক ৷
উল্লেখ্য যে জুবিন গাৰ্গ অন্তিম খন কথাছবি ৩১ অক্টোবৰত চলচ্চিত্ৰ গৃহত মুক্তিলাভ কৰাৰ পিছৰে পৰা হিলদল ভাঙি দৰ্শকৰ সোঁত বৈছে চলচ্চিত্ৰ গৃহলৈ ৷ প্ৰতিজন দৰ্শকে চিনেমা খন উপভোগ কৰি আবেগিক হৈ পৰিছিল ৷ কিন্ত এচাম দুষ্ট প্ৰকৃতিৰ লোকে নিজৰ ফেচবুকত ভিউজ বঢ়াবৰ বাবে চিনেমা খন চাবলৈ গৈ কিছু কিছু দৃশ্যাংশ সামাজিক মাধ্যমত ফাইৰেল কৰিবলৈ উঠিপৰি লাগিছে ৷ অৱশ্যে এনেলোকৰ প্ৰতি কঠোৰ হোৱাৰ ইংগিত দিছে অসম আৰক্ষীয়ে ৷




































