Roi Roi Binale:
আজি ইংৰাজী নতুনবৰ্ষৰ প্ৰথম দিনটোত সাংবাদিকৰে নতুন দিনৰ সংলাপ শীৰ্ষক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ৰ সন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰে ৷ অসমীয়া চলচ্চিত্ৰ ইতিহাসত ইতিমধ্যে’ ৰৈ ৰৈ বিনালে’ই কৰে সৰ্বোচ্চ উপাৰ্জন ৷ চিনেমা খনে উপাৰ্জন কৰা ৩২ কোটি টকাৰ পৰা ৰাজ্য চৰকাৰে জিএছটি হিচাপে পোৱা ২ কোটি ৯০ লাখ টকা আজি বা কাইলৈ জুবিনৰ মানসপুত্ৰ স্বৰূপ ‘কলাগুৰু ফাউণ্ডেচন’লৈ হস্তান্তৰ কৰা হ’ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰীয়ে ৷
ADVERTISEMENT


































