Jagiroad:
দুদিনীয়া ভ্ৰমণসূচীৰে আজি বিয়লি গুৱাহাটী উপস্থিত হয় দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন৷ মন্ত্ৰী গৰাকীয়ে বৰঝাৰ বিমান বন্দৰৰ পৰা উৰা মাৰে জাগীৰোডলৈ।
ADVERTISEMENT

জাগীৰোডত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে নিৰ্মীয়মাণ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰাৰ লগতে প্ৰকল্পৰ লগতে জড়িত থকা বিষয়া -কৰ্মচাৰীৰ স’তে এক মতবিনিময় অনুষ্ঠানত মিলিত হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা,,উদ্যোগ মন্ত্ৰী বিমল বৰা,জাগীৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা,কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা,মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী,মুখ্য সচিব ড:ৰবি কোটা সহ জ্যেষ্ঠ বিষয়াবৰ্গ ৷




































