Sati Radhika Shanti Udyan:
মহানগৰীৰ উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত নৱনিৰ্মিত সতী ৰাধিকা শান্তি উদ্যান আজি আনুষ্ঠানিকভাৱে মুকলি কৰিব কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷
প্ৰায় ১.২ কিলোমিটাৰ দৈর্ঘ সামৰি লোৱা সতী ৰাধিকা শান্তি উদ্যান খন নিৰ্মাণত ব্যয় কৰা হৈছে প্ৰায় ৩২৭কোটি টকা ৷ দেশ – বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিব বুলি আশা কৰিছে পৰ্যটন বিভাগে। এই উদ্যানৰ পৰা দৃশ্যবান বিশ্বৰ ক্ষুদ্ৰতম নদী দ্বীপ উমানন্দ মন্দিৰ ।
