ৰাজ্যত নতুনকৈ চাৰি শতাধিক ভোট কেন্দ্র স্থাপনৰ সম্ভাৱনা

IMG 20251108 110419

অসমত আগন্তুক বর্ষত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে নির্বাচন আয়োগে। ইয়াৰ অংশৰূপে ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ কাম শীঘ্রে ৰাজ্যত আৰম্ভ হ’ব। তাৰ পূৰ্বে আয়োগে অসমত এইবাৰ ভোট কেন্দ্ৰৰ সংখ্যা বৃদ্ধি হ’ব বুলি নিশ্চিত কৰিছে। তাৰ বাবে অসমৰ নিৰ্বাচন বিভাগক প্রয়োজনীয় প্রক্রিয়াসমূহ আগবঢ়াবলৈ পৰামৰ্শ দিছে।

অসমৰ নিৰ্বাচন বিভাগৰ তথ্য অনুসৰি, ৰাজ্যত সম্প্রতি ২৯,৬৫৬ টা ভোট কেন্দ্র আছে। এই সংখ্যা বৃদ্ধি কৰাটো নিশ্চিত কৰিছে দেশৰ নিৰ্বাচন আয়োগে। আয়োগে দিয়া নির্দেশনা অনুসৰি, এটা ভোট কেন্দ্রত সর্বাধিক ১২শ ভোটাৰ থাকিব লাগিব। অথচ অসমৰ বহু ভোট কেন্দ্রত ইয়াতকৈ বহু বেছি সংখ্যক ভোটাৰ আছে। ভোট কেন্দ্রত ভোটাৰৰ সংখ্যা অত্যধিক হ’লে তাৰ প্ৰভাৱ ভোটদান প্ৰক্ৰিয়াত পৰে। সেয়েহে দেশৰ নিৰ্বাচন আয়োগে সর্বাধিক ১২শ ভোটাৰৰ সীমা এইবাৰ নিৰ্ধাৰণ কৰিছে।

ৰাজ্যিক নির্বাচন বিভাগৰ তথ্য অনুসৰি, অসমত ২.৫ কোটিতকৈ অধিক ভোটাৰ আছে। ইয়াৰ ভিত্তিত নির্বাচন বিভাগৰ নিৰ্দেশনা কাৰ্যকৰী কৰিলে অসমত ভোট কেন্দ্ৰৰ সংখ্যা ন্যূনতম ৩০ হেজাৰটালৈ বৃদ্ধি হ’ব বুলি ৰাজ্যিক নির্বাচন বিভাগে ধাৰণা কৰিছে। ইয়াৰ ফলত ৰাজ্যত নতুনকৈ কে’বা শতাধিক ভোট কেন্দ্ৰ গঠনৰ সম্ভাৱনা আছে।

ৰাজ্যিক নির্বাচন বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি, তেওঁলোকে ইতিমধ্যে নতুন ভোটকেন্দ্ৰ সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অৱশ্যে গোটেই বিষয়টো অধিক স্পষ্ট হ’ব ভোটাৰ তালিকা পুনৰীক্ষণৰ সময়ত। ইতিমধ্যে সকলো নির্বাচনী জিলাৰ নিৰ্বাচন বিষয়াৰ জৰিয়তে বৰ্তমান ১২শতকৈ অধিক ভোটাৰ থকা ভোট কেন্দ্ৰবোৰৰ পৰিৱেশৰ বুজ লোৱাৰ কাম আৰম্ভ কৰা হৈছে।

কিয়নো একোটা ভোট কেন্দ্ৰৰ লগত ভোটাৰৰ একপ্ৰকাৰৰ আবেগিক সম্পর্ক গঢ়ি উঠে। তদুপৰি এনে ভোট কেন্দ্র আছে, যিবোৰ পুনৰ গঠন কৰিলে বহু ভোটাৰে ভোট দিবলৈ যোৱাও অসুবিধা হ’ব পাৰে। অসমত বহু দুর্গম অঞ্চলত একোটা ভোট কেন্দ্রত অত্যধিক পৰিমাণৰ ভোটাৰ আছে। বিশেষকৈ চৰাঞ্চলত এনে বহু ভোট কেন্দ্র আছে। সেইবোৰ পুনৰ গঠন কৰিলে ৰাইজৰ অধিক অসুবিধা হোৱাৰো আশংকা থাকে।

গতিকে গোটেই বিষয়টো মানুহৰ সুবিধা-অসুবিধাৰ লগতো জড়িত হৈ আছে। তৎসত্ত্বেও নির্বাচন আয়োগৰ নিৰ্দেশনা পালন কৰিবলৈ ৰাজ্যৰ নিৰ্বাচন বিভাগ বাধ্য। দীর্ঘদিনৰ পৰা চলি অহা ভোট কেন্দ্ৰৰ ইফাল-সিফাল হ’লেই বহু লোকে ভোট দিবলৈয়ো নাযায়। নির্বাচন বিভাগৰ সিদ্ধান্তৰ বিৰোধিতা কৰি মানুহে ভোট বর্জন কৰিলে, তাৰ প্ৰভাৱ নিৰ্বাচন বিভাগৰেই ওপৰত পৰিব। এনে ক্ষেত্ৰত ৰাজ্যত কে’বাশ নতুন ভোট কেন্দ্ৰ দেশৰ নিৰ্বাচন আয়োগৰ নির্দেশমর্মে নতুনকৈ গঠন কৰিবই লাগিব।

সেয়েহে পৰিস্থিতিৰ বুজ লৈ প্রক্রিয়াটো আগবঢ়াইছে ৰাজ্যৰ নিৰ্বাচন বিভাগে। এই প্রসংগতে নির্বাচন বিভাগৰ সূত্ৰই এই বুলিও সদৰী কৰে যে নিশা বহু দেৰিলৈকে ভোটগ্রহণ চলি থকাটোও নির্বাচন আয়োগে সাধাৰণতে নিবিচাৰে। সেয়েহে একোটা ভোট কেন্দ্ৰৰ বিপৰীতে সর্বাধিক ১২শ ভোটাৰ থকাটোহে আয়োগে বিচাৰিছে।

Exit mobile version