অন্ততঃ এশ বছৰলৈ নিশ্চিন্ত মনৰে থাকিব পাৰিব

IMG 20251110 145739

Bill Gates:✒️যিমানেই কৃত্রিম বুদ্ধিমত্তা বা এআইৰ উন্নয়ন সাধন নহওক কিয়, কম্পিউটাৰ প্রগ্রামিঙৰ ক্ষেত্ৰত প্রযুক্তি কেতিয়াও মানুহৰ বিকল্প হ’ব নোৱাৰে। অন্ততঃ আগন্তুক এশ বছৰলৈ প্রগ্রামিণ্ডৰ ক্ষেত্ৰত মানুহৰে আধিপত্য থাকিব। এই মন্তব্য কৰিছে বিশ্বখ্যাত মাইক্র ‘ছফট প্ৰতিষ্ঠানৰ মুৰব্বী বিল গোটছে। প্রযুক্তিবিদ্যাৰ জগতত দূৰদৃষ্টি সম্পন্ন কণ্ঠৰূপে খ্যাত গোটছৰ এই মন্তব্যৰ জৰিয়তে স্পষ্ট হৈছে যে এআই যিমানে উন্নত নহওক কিয়, মানুহৰ দক্ষতা বা গুণৰ স্থান কেতিয়াও ল’ব নোৱাৰে।

তৎসত্ত্বেও এআইক লৈ আতংকিত বুলিও তেওঁ মন্তব্য কৰিছে। উল্লেখ্য যে বল্ড ইক’নমিক ফ’ৰামৰ মতেও ২০৩০লৈকে কৃত্রিম বুদ্ধিমত্তাই কমেও আঠ কোটি চাকৰিৰ স্থান ল’ব। অবশ্যে ইয়াৰ সমান্তৰালভাবে কৃত্রিম বুদ্ধিমত্তাই ন কোটি ৭০ লাখ চাকৰিৰ সৃষ্টি কৰাৰ প্ৰবল সম্ভাৱনা আছে। গোটছৰ মতেও কৃত্রিম বুদ্ধিমত্তাই উৎপাদনশীলতা বৃদ্ধি কৰিব। এই অত্যাধুনিক প্রযুক্তিয়ে প্রতিজন ব্যক্তিকে উপকৃত কৰিব বুলিও তেওঁ মন্তব্য কৰিছে।

অর্থাৎ কৃত্রিম বুদ্ধিমত্তা জীৱনৰ অংশীদাৰত পৰিণত হোৱাৰ সম্ভাৱনা আছে। গতিকে কৃত্রিম বুদ্ধিমত্তাই চাকৰিৰ ক্ষেত্ৰত মানুহৰ স্থান নোলোৱাটো স্পষ্ট হৈছে। গোটছৰ মতে, প্রগ্রামিঙৰ ক্ষেত্ৰত সম্পূর্ণ যান্ত্রিকীকৰণ (অট’মেচন) কেতিয়াও সম্ভৱ নহয়।

তেওঁ কয় যে প্রগ্রামিঙৰ বাবে সৃজনশীলতা আৰু মানুহৰ বিচাৰ-বিবেচনাব প্রয়োজন হয়। যন্ত্রৰ দ্বাৰা এই দুয়োটা কার্য কেতিয়াও সম্ভৱ নহয়। তেওঁৰ মতে ডিবাগিঙৰ দৰে কাৰ্যত অট’মেচনে সহায় কৰিব পাৰে। কিন্তু প্রগ্রামিঙৰ মূল অর্থাৎ নতুন সমাধান সূত্ৰৰ উদ্ভাৱন আৰু সমস্যা সমাধান কার্য মানুহে কৰিব লাগিব। এক সাক্ষাৎকাৰত গোটছে কয়, ‘এআই অধিক উন্নত হ’লেও কল্পনা আৰু বিচাৰ-বিবেচনা কেরল মানুহৰহে আছে। গতিকে প্রগ্রামিঙৰ ক্ষেত্রখন এআয়ে দখল কৰিব নোৱাৰে।’

গোটছে লগতে আঙুলিয়াই দিয়ে যে শক্তি আৰু জীৱ বিজ্ঞানৰ দৰে ক্ষেত্ৰসমূহে নিজকে হৈছে। গোটছৰ মতে, প্রগ্রামিঙৰ ক্ষেত্ৰত সম্পূৰ্ণ যান্ত্রিকীকৰণ (অট’মেচন) কেতিয়াও সম্ভৱ নহয়। তেওঁ কয় যে প্রগ্রামিঙৰ বাবে সৃজনশীলতা আৰু মানুহৰ বিচাৰ-বিবেচনাৰ প্রয়োজন হয়। যন্ত্ৰৰ দ্বাৰা এই দুয়োটা কাৰ্য কেতিয়াও সম্ভৱ নহয়। তেওঁৰ মতে ডিবাগিঙৰ দৰে কার্যত অট’মেচনে সহায় কৰিব পাৰে। কিন্তু প্রগ্রামিঙৰ মূল অর্থাৎ নতুন সমাধান সূত্ৰৰ উদ্ভাৱন আৰু সমস্যা সমাধান কাৰ্য মানুহে কৰিব লাগিব।

এক সাক্ষাৎকাৰত গোটছে কয়, ‘এআই অধিক উন্নত হ’লেও কল্পনা আৰু বিচাৰ-বিবেচনা কেৱল মানুহৰহে আছে। গতিকে প্রগ্রামিঙৰ ক্ষেত্রখন এআয়ে দখল কৰিব নোৱাৰে।’ গোটছে লগতে আঙুলিয়াই দিয়ে যে শক্তি আৰু জীৱ বিজ্ঞানৰ দৰে ক্ষেত্ৰসমূহে নিজকে সম্পূৰ্ণ অট’মেচনৰ পৰা ৰক্ষা কৰি আহিছে। এনে ক্ষেত্ৰৰ পেছাদাৰীসকলে বিশেষজ্ঞৰ ওপৰত আজিও নিৰ্ভৰ কৰি আছে। অৱশ্যে প্রশাসনিক সহায়ক আৰু গ্রাফিক ডিজাইনৰ কাম এআয়ে দখল কৰিব পাৰে বুলি গোটছে মত প্রকাশ কৰিছে। তেওঁৰ মতে, বর্তমানে জেনেৰেটিভ এআইৰ আহিলাসমূহে নিয়মমাফিক কামসমূহ অধিক দ্রুততৰে কৰিব পৰা হৈছে। ইয়াৰ ফলত ব্যয়ো কম হয়। গতিকে এনে ক্ষেত্ৰত কৰ্মৰতসকলৰ দক্ষতা নিতৌ বিকাশ ঘটাই থাকিব লাগিব। ফলস্বৰূপে এনে ক্ষেত্ৰৰ পেছাদাৰীসকলৰ পৰিৱৰ্তনক লৈ কৌতূহলী আৰু পৰিৱৰ্তনক আদৰি ল’বলৈ সাজু থাকিব লাগিব। গোটছে কয় যে এআইক ভাবুকিৰূপে গণ্য কৰাতকৈ সহায়ক আহিলাৰূপে গ্ৰহণ কৰা উচিত।

Exit mobile version