এতিয়াও সক্রিয় হৈ আছে চন্দ্রযান-২!

819903 chandrayaan 2 moon 878307 1598493642

Chandrayaan-2: অর্ধযুগ পাৰ হৈ এতিয়াও সক্রিয় হৈ আছে চন্দ্রযান-২! ছয় বছৰৰ পূৰ্বে ভাৰতীয় মহাকাশ সংস্থা ইছৰ’ৰ সেই অভিযানে কার্যতঃ মুখ থেকেচা খাই পৰিছিল। চন্দ্ৰৰ মেৰুত ‘ছফট লেন্ডিং’ কৰাৰ সময়ত ভাঙি পৰিছিল চন্দ্রযানখন; কিন্তু তাৰ ৰাডাৰটো এতিয়াও সক্রিয় হৈ আছে। সেই শক্তিশালী ৰাডাৰে প্ৰেৰণ কৰা একাংশ উচ্চমানৰ ফটো সম্প্রতি ইছৰ’ব কন্ট্রোল কমলৈ আহিছে।

তাতেই পৃথিৱীৰ একমাত্র উপগ্ৰহৰ মেৰু অঞ্চলৰ গোট মৰা বৰফ আৰু মাটিৰ ছবি ধৰা পৰিছে। আহমেদাবাদৰ স্পেচ এপ্লিকেচনছ চেণ্টাৰত সেইবোৰ ফটোক লৈ নিবিড় বিশ্লেষণ চলি আছে। বিজ্ঞানীসকলে আশা কৰিছে যে এইবোৰৰ পৰাই চন্দ্ৰৰ মেৰু সম্পর্কে অজান তথ্য পোৱা যাব আৰু সিবোবে ভবিষ্যৎ চন্দ্রাভিযানত সাহায্য কৰিব।

২০১৯ত চন্দ্ৰৰ মেৰু সম্পর্কে তথ্য পাবলৈ চন্দ্রযান-২ প্ৰেৰণ কৰা হৈছিল। সেই অভিযান সফল নহ’লেও চন্দ্রযানৰ অর্বিটাৰটোৱে এতিয়াও সক্রিয়ভাবে কাম কৰি আছে। চন্দ্ৰপৃষ্ঠৰ পৰা হাই ৰিজ’লিউচনৰ ফটো প্ৰেৰণ কৰি আছে। সেইবোৰ বিশ্লেষণ কৰিয়ে পৃথিবীৰ একমাত্র উপগ্রহ সম্পর্কে অনেক ধাৰণা স্পষ্ট হৈছে বিজ্ঞানী মহলৰ। অৱশ্যে আৰু বিশদ গৱেষণাৰ প্ৰয়োজন আছে। সেই কামতো নিবস্তবে সাহায্য কৰি আছে অর্বিটাৰটোৱে।

সম্প্রতি ইছৰ’ৰ সেই অভিযানৰ ডুবেল ফ্রিকোরেন্সী ছিন্থেটিক এপাৰচাৰ ৰাডাৰত ধৰা পৰিছে চন্দ্ৰৰ প্ৰথম পূর্ণ প’লাৰোমেট্রিক ফটো। সেইবোৰ বিশ্লেষণ কৰি চাই বিজ্ঞানীসকলে দাবী কৰিছে যে সেইবোৰ ফটোৱে চন্দ্ৰৰ ওপৰভাগৰ মাটি ঠিক কেনেকুৱা, সেই সম্পর্কে প্রায় নিখুঁত তথ্য দিয়াত সক্ষম।

ইছৰ’ৰ মতে, অন্ততঃ ১৪০০ ৰাডাৰৰ মাধ্যমেৰে অহা তথ্য বিশ্লেষণ কৰি চন্দ্ৰব দুই গোলার্ধব সম্পর্কেই তথ্য পোৱা গৈছে। তাৰ পৰা চন্দ্ৰৰ ভূপ্রাকৃতিক গঠন, তাত জলভাগ (যদি কিবা আছে), কক্ষতা সম্পর্কে যথেষ্ট বিস্তাৰিত তথ্য জানিব পাৰিছে। চন্দ্রৰ গর্ভ কি কি খনিজ পদার্থবে সমৃদ্ধ, সেয়াও লাহে লাহে স্পষ্ট হৈছে। সামগ্রিকভারে চন্দ্রযান-২ৰ অর্বিটাৰে আগন্তুক দিনৰ চন্দ্ৰ অভিযানৰ পৰিকল্পনাত যথেষ্ট সাহায্য কৰিব বুলিয়ে বিজ্ঞানী মহলে ধাৰণা কৰিছে। বিশেষকৈ ইমানদিনে অন্ধকাৰত থকা চন্দ্ৰমেক এইবাৰ গৱেষণাৰ পোহৰলৈ আহিব।

Exit mobile version