ৰিলায়েন্স ইণ্ডাস্ট্রিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে তিৰুমালাৰ শ্রীভেংকটেশ্বৰ অন্ন প্ৰসাদম ট্রাষ্টৰ বাবে এক অত্যাধুনিক উন্নত ৰান্ধনীগৃহ নিৰ্মাণৰ দায়িত্ব গ্রহণ কৰিলে।
তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি)ৰ সহযোগত আৰু অন্ধ্র প্ৰদেশ চৰকাৰৰ উদ্যোগত নিৰ্মাণ কৰা এই অত্যাধুনিক ৰন্ধনগৃহৰ নির্মাণ ব্যয় আম্বানীয়ে বহন কৰিব। এই ৰন্ধনগৃহই দৈনিক ২,০০,০০০ ৰো অধিক ভক্তক পৱিত্ৰ ভোজন যোগান ধৰিব।
দেওবাৰে পুৱাতে আম্বানীয়ে তিৰুমালাস্থিত ভেংকটেশ্বৰ মন্দিৰত উপস্থিত হৈ সুপ্রভাত সেৱাত অংশ লয় আৰু ভগৱান ভেংকটেশ্বৰক দর্শন কৰে। মন্দিৰ দৰ্শনৰ পাছতে আম্বানীয়ে তিৰুমালাৰ এই মন্দিৰৰ বাবে অত্যাধুনিক ৰন্ধনগৃহ নিৰ্মাণৰ দায়িত্ব গ্ৰহণৰ কথা ঘোষণা কৰে






























