Congress Joining:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত প্ৰধান বিৰোধী দল কংগ্ৰেছে ব্যাপক কুজকাৱাজ আৰম্ভ কৰিছে ৷ বিগত কে’বা মাহৰ দহ তাৰিখে বিভিন্ন দল- সংগঠনৰ নেতা- কৰ্মীয়ে যোগদান কৰিছে কংগ্ৰেছত ৷
সোমবাৰে দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা ভৱনত গুৱাহাটী মহানগৰী কংগ্ৰেছ কমিটিৰ উদ্যোগত বৃহৎ যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হয় ৷ এই যোগদান কাৰ্যসূচীতে বিভিন্ন দল- সংগঠনৰ জাকে জাকে নেতা- কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে ৷
যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,এপিচিচিৰ প্ৰাক্তন সভাপতিদ্বয় ৰিপুণ বৰা,ভূপেন বৰা আৰু প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী সহ বহু কেইজন জ্যেষ্ঠ কংগ্ৰেছ নেতা ৷




































