Titabar Incident:
৪ দিনে সন্ধানহীনৰ পিছত দেওবাৰে নিশা তিতাবৰৰ এজন ব্যৱসায়ীৰ শৌচালয়ৰ টেংকিত উদ্ধাৰ হোৱা ১৯ বছৰীয়া কলেজীয়া ছাত্ৰীৰ মৃতদেহ উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি তিতাবৰত ৷ আজি তিতাবৰৰ বিভিন্ন বিদ্যালয় – মহাবিদ্যালয়ৰ অগনন শিক্ষাৰ্থী আৰু ৰাইজে থানা ঘেৰাও কৰাৰ লগতে ৰাজপথ অৱৰোধ কৰি ৰাখে ৷
ছাত্ৰী গৰাকীৰ সন্ধানহীনৰ এজাহাৰ দিয়াৰ পিছতো তিতাবৰ থানাৰ অ’চি লক্ষ্মণ কুমাৰ দাসে কোনো ব্যৱস্থা গ্ৰহণ নকৰি বিষয়টো গাপ দিয়াৰ অভিযোগ কৰে দুৰ্ভগীয়া পৰিয়ালৰ লগতে প্ৰতিবাদকাৰী ৰাইজ ৷
ইপিনে,যোৰহাট জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকে অ’চি লক্ষ্মণ কুমাৰ দাসক ৰিজাৰ্ভ ক্লজ কৰিছে যদিও ৰাইজৰ দাবী অ’চিক গ্ৰেপ্তাৰ কৰিব লাগে ৷আনহাতে উত্তেজিত ৰাইজে বহু সময় ধৰি ৰাজপথ অৱৰোধ কৰি ৰখাত পথৰ দুয়ো দিশে যানবাহন চলাচল ব্যাহত হৈ পৰে ৷অৱশ্যে প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ বুজনিত পিছত পথ অৱৰোধ প্ৰত্যাহাৰ কৰে ৷
উল্লেখ্য যে ,কলেজীয়া ছাত্ৰী গৰাকীক অন্তঃসত্ত্বা কৰি শেষ কৰিলে পাতিলোৱা বৰদেউতাক জগত সিঙে৷ এই অভিযোগৰ পিছত আজি ক্ষুব্ধ ৰাইজে জগত সিঙৰ ব্যৱসায়ীক প্ৰতিষ্ঠান ভাঙি লণ্ড- ভণ্ড কৰে ৷ সিঙৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ শৌচালয়ৰ টেংকিত দেওবাৰে নিশা উদ্ধাৰ হৈছিল চাৰিদিনে নিৰুদ্দেশ হৈ থকা ছাত্ৰী গৰাকী।
আনহাতে ৰাইজৰ ৰুদ্ৰ ৰূপ দেখি তিতাটৰ আৰক্ষীয়ে অভিযান চলাই সমগ্ৰ ঘটনাৰ মুল অভিযুক্ত জগত সিঙৰ লগতে তেওঁৰ দুই পুত্ৰ কৃষণ সিঙ, জীৱন সিঙ আৰু ৰেকিবুদ্দিন আহমেদ নামৰ এগৰাকী ফার্মাচিষ্টকো গ্ৰেপ্তাৰ কৰে ৷
এই ঘটনাক লৈ বৰ্তমানেও চেপা উত্তেজনা অব্যাহত আছে তিতাবৰত




































