দেশৰ সবাতোকৈ প্রসিদ্ধ ধর্মীয় স্থানৰ অন্যতম তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি)ত প্রসাদ হিচাপে বিতৰণ কৰা লাডুত ব্যৱহাৰ কৰা ঘিঁউ নিম্নমানৰ হোৱাৰ অভিযোগ উঠিছিল। এই অভিযোগৰ তদন্ত চলাই কেন্দ্রীয় তদন্ত সংস্থা চিবিআয়ে কেতবোৰ চাঞ্চল্যকৰ তথ্য উদ্ধাৰ কৰিলে।
চিবিআইৰ তদন্তত লাভ কৰা তথ্য অনুসৰি উত্তৰাখণ্ডৰ এখন ডেইৰীয়ে পাঁচ বছৰ ধৰি তিৰুপতি মন্দিৰক ৬৮ লাখ কিলো কৃত্রিম ঘিউ যোগান ধৰিছিল। এই ঘিউৰ মূল্য আছিল প্রায় ২৫০ কোটি টকা।চিবিআয়ে সদৰী কৰা অনুসৰি, ২০১৯ৰ পৰা ২০২৪ৰ সময়ছোৱাত তিৰুপতি মন্দিৰক উত্তৰাখণ্ডৰ ভোলে বাবা অর্গেনিক ডেইৰী নামৰ ফাৰ্ম এখনে ভেজাল ঘিঁউ যোগান ধৰিছিল।
ডেইৰী ফার্মখনে দুগ্ধ আৰু মাখনৰ পৰিৱৰ্তে ৰাসায়নিক পদাৰ্থৰে তৈয়াৰী কৃত্ৰিম ঘিঁউ প্রস্তুত কৰি তিৰুপতি মন্দিৰক প্ৰসাদ তৈয়াৰ কৰাৰ বাবে যোগান ধৰিছিল। চিবিআয়ে এই তথ্য অভিযুক্ত অজয় কুমাৰ সুগন্ধক গ্ৰেপ্তাৰ কৰাৰ পাছত লাভকৰিলে।
সুগন্ধই ডেইৰী ফাৰ্মক ৰাসায়নিকৰ যোগান ধৰিছিল। তিৰুপতি মন্দিৰত পাঁচ বছৰ ধৰি এইদৰে কৃত্ৰিম ঘিঁউৰে প্রসাদ হিচাপে লাডু তৈয়াৰ কৰা হৈছিল।
