বাংগালুৰুৰ কাৰাগাৰত সুৰাপান কৰি কয়দীৰ নৃত্য, ম’বাইলত ব্যস্ত আইছিছৰ সন্ত্রাসবাদী

bengaluru prison 1762737790958 1762737799038 1762756563998

Bengaluru:✒️বাংগালুৰুৰ পৰাঞ্জনা অগ্ৰহৰা কেন্দ্ৰীয় কাৰাগাৰৰ এক নতুন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হ’ল। এই ভিডিঅ’ত কাৰাগাৰৰ ভিতৰত কয়দীয়ে নৃত্য, গীত কৰি পাৰ্টিৰ আয়োজনত ব্যস্ত থকাৰ দৃশ্য আবদ্ধ হৈছে। ৫৫ মিনিটৰ উক্ত ভাইৰেল ভিডিঅ’ত আৰম্ভণিতে চাৰিটা সুৰাৰ বটল সজাই ৰখাৰ দৃশ্য প্রদর্শন কৰা হৈছে।

কেইজনমান কয়দীয়ে মজিয়াত বহি বাচন বজাই থকাৰ লগতে পাঁচ-ছজন কয়দীয়ে চিঞৰি-বাখৰি নৃত্যত ব্যস্ত আছিল। ভিডিঅ’ত গিলাচত সুৰা, প্লেটত কটা ফলমূল আদিও প্রদর্শন কৰা হৈছে। ভিডিঅ’ৰ শেষৰ ফালে একাধিক ম’বাইল ফোন আৰু ছার্জাৰো প্ৰদৰ্শন কৰা হৈছে।

প্রকাশিত বাতৰি অনুসৰি এই ভিডিঅ’ এসপ্তাহ পূৰ্বৰ আছিল। ইয়াৰ পূৰ্বে যোৱা শনিবাৰে আন এক ভিডিঅ’ ভাইৰেল হৈছিল আৰু এই ভিডিঅ’ আইছিছৰ সন্ত্রাসবাদী জুহেইব হামিদ ছকিল মন্নাই কাৰাগাৰৰ ভিতৰত ম’বাইল ফোন ব্যৱহাৰ কৰাৰ দৃশ্য আবদ্ধ হৈছে।

ছকিলক এনআইএয়ে ২০২১ৰ নৱেম্বৰত দিল্লী বিমানবন্দৰত গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ বিৰুদ্ধে যুৱ প্ৰজন্মক সন্ত্রাসবাদী সংগঠনত ভর্তি কৰোৱা আৰু পুঁজি আহৰণৰ অভিযোগ আছে। কাৰাগাৰৰ ভিতৰত কয়দীয়ে এইদৰে সুৰাপান কৰি নৃত্য, গীতত ব্যস্ত থকাৰ লগতে ম’বাইল ফোন ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ ফাদিল হোৱাত বাংগালুৰুৰ উক্ত কাৰাগাৰৰ পৰিচালনাক লৈ প্রশ্ন উত্থাপন হৈছে।

Exit mobile version