ভয়ংকৰ বিস্ফোৰণত কঁপিল পাকিস্তানৰ ৰাজধানী ইছলামাবাদ। আজি দুপৰীয়া প্ৰায় ১২.৩০ বজাত ক’ৰ্ট কমপ্লেক্সত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয়।
উল্লেখ্য যে,ইছলামাবাদৰ জিলা আদালতৰ বাহিৰৰ এখন বাহনত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয়।
প্ৰাপ্ত তথ্য অনুসৰি,বিস্ফোৰণৰ ফলত বৰ্তমানৰলৈকে ১২ জন লোক নিহত হৈছে আৰু ২০ জনতকৈ অধিক লোক আহত হৈছে। উল্লেখ্য যে ,পৰৱৰ্তী সময়ত মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
ঘটনাৰ তথ্য লাভ কৰাৰ পাছতে লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
