Cachar:
সোমবাৰে সন্ধিয়া দেশৰ ৰাজধানী চহৰ দিল্লীত সংঘটিত হোৱা ভয়ংকৰ বোমা বিস্ফোৰণক লৈ দেশবাসী শোকাহত হৈ থকাৰ বিপৰীতে অসমত এই বিস্ফোৰণক কেন্দ্ৰ কৰি ছ’চিয়েল মেডিয়াত বিৰ্তকিত মন্তব্য কৰি আটক হ’ল অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৷ আটকাধীন লোকজনৰ নাম নজৰুল ইছলাম বৰভূঞা ৷ কাছাৰৰ বাছকান্দি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ ধৃত বৰভূঞা ৷
উল্লেখ্য যে,আজি নগাঁৱৰ ৰহাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ সাংবাদিকৰ আগত এক মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে,দিল্লীত সংঘটিত হোৱা বোমা বিস্ফোৰনক লৈ অসমৰ একাংশ লোকে আদৰণি জনাই কেতবোৰ বিতৰ্কিত পষ্ট দিছিল সামাজিক মাধ্যমক ৷ এনে ব্যক্তি বিশেষৰ বিৰুদ্ধে চৰকাৰ কঠোৰ। কোনো ক্ষেত্ৰত ৰেহাই দিয়া ন’হব তেওঁলোকক ৷ প্ৰয়োজনত কৰা হ’ব গ্ৰেপ্তাৰ। এনে লোকৰ বিৰুদ্ধে ডিজিপিক বিহিত ব্যবস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে ৷
