Fire in Changsari:কামৰূপৰ চাংসাৰিত ৰাজপথত অঘটন

সদাব্যস্ত ৰাজপথত দাও দাওকৈ জ্বলিল এখন ট্ৰাক

fire 1

Fire in Changsari:

গুৱাহাটী মহানগৰীৰ পাশ্বৱৰ্তী চাংসাৰিত ৰাজপথত অঘটন ৷ চাংসাৰি সেনা ছাউনীৰ সন্মুখৰ ৰাজপথত হঠাতে দাওদাওকৈ জ্বলি উঠিল এখন ট্ৰাক ৷ অৱশ্যে অগ্নিকাণ্ডৰ সূত্ৰপাত হওঁতেই কথমপি প্ৰাণৰক্ষা পৰে ট্ৰাক খনৰ চালকজন ৷

ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে উপস্থিত হোৱা অগ্নিনির্বাপক বাহিনীয়ে নিয়ন্ত্ৰণ কৰে জুই ৷ অগ্নিকাণ্ডৰ ফলত পথৰ দুয়োদিশে বহু সময় ধৰি যানবাহনৰ চলাচল ব্যাহত হয় ৷

Exit mobile version