Nupur Bora:
আয়বহির্ভূত সম্পত্তিৰ গোচৰত ১৬ ছেপ্তেম্বৰত গ্ৰেপ্তাৰ হোৱা বহু বিৰ্তকিত এচিএছ বিষয়া নূপুৰ বৰাৰ জামিন লাভ ৷ গুৱাহাটী জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা নূপুৰ বৰাই ৫৬ দিনৰ পিছত লাভ কৰে জামিন।
কামৰূপৰ বিশেষ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰে নূপুৰ বৰাৰ জামিন ৷ বৰাৰ হৈ আদালতত যুক্তি দৰ্শাইছিল জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে।
উল্লেখ্য যে নূপুৰ বৰাৰ বাসগৃহত চিএম ভিজিলেঞ্চে অভিযান চলাই জব্দ কৰিছিল নগদ প্ৰায় ১ কোটি ৪৭ লাখ টকা ৷
