প্রতিদ্বন্দ্বী ব্ৰেণ্ডৰ সামগ্রীক হেয় পতঞ্জলিৰ বিজ্ঞাপনত বাধা প্রতিপন্ন কৰা আৰোপ দিল্লী উচ্চ ন্যায়ালয়ৰ

Untitled design 2025 01 23T143725.547

Patanjali:✒️দিল্লী উচ্চ ন্যায়ালয়ে যোগগুৰু বাবা ৰামদেৱৰ পতঞ্জলি আয়ুৰ্বেদৰ অপমানজনক বিজ্ঞাপন প্ৰচাৰত বাধাদান কৰিলে। পতঞ্জলি আয়ুর্বেদে আন ব্ৰেণ্ডৰ চ্যৱনপ্রাশ নিম্নমানৰ বুলি দাবী কৰি পতঞ্জলিৰ চ্যৱনপ্ৰাশৰ বিজ্ঞাপন প্ৰচাৰ কৰিছিল।

পতঞ্জলিৰ এই বিজ্ঞাপনৰ বিৰুদ্ধে ডাবৰ কোম্পানীয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। উচ্চ ন্যায়ালয়ে এই অভিযোগৰ বিচাৰ চলাই পতঞ্জলিক এনে অপমানজনক বিজ্ঞাপন বন্ধ কৰিবলৈ নিৰ্দেশ দিলে। আদালতৰ এই ৰায়ৰ পাছত পতঞ্জলিয়ে বিতর্কিত চ্যৱনপ্ৰাশৰ বিজ্ঞাপন সকলো বৈদ্যুতিন, ডিজিটেল আৰু ছপা মাধ্যমত প্ৰচাৰ বন্ধ কৰিব লাগিব।

দিল্লী উচ্চ ন্যায়ালয়ে এই বিষয়ত কয় যে পতঞ্জলিয়ে কেৱল নিজৰ উৎপাদিত চ্যবনপ্রাশ প্রকৃত আৰু আন ব্ৰেণ্ডৰ চ্যবনপ্রাশ নিম্নমানৰ বুলি প্ৰচাৰ কৰাটো ভুল আৰু আয়ুর্বেদিক সামগ্ৰীৰ বাবে অপমানজনক আছিল। ন্যায়াধীশ তেজস কৰিয়াই ক’লে, ‘যিসকল ব্যক্তি বা প্রতিষ্ঠান আইন পালন কৰি আয়ুর্বেদিক সামগ্রী তৈয়াৰ কৰে, তেওঁলোকক নিম্নমানৰ বুলি ভ্রামক বিজ্ঞাপন প্ৰচাৰৰে বদনাম কৰিব নোৱাৰি।’

পতঞ্জলিয়ে কোম্পানীটোৰ উৎপাদিত চ্যৱনপ্রাশ প্রকৃত বুলি দাবী কৰি আন কোম্পানীৰ চ্যৱনপ্রাশে মানুহক প্ৰৱঞ্চনা কৰিছে বুলি বিজ্ঞাপনত প্ৰচাৰ কৰি আহিছে। অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ে পতঞ্জলিক এনে ভ্রামক বিজ্ঞাপন প্ৰচাৰত বাধা আৰোপ কৰিলে।

Exit mobile version