Delhi:✒️তেওঁলোক আছিল পৰিয়ালৰ একমাত্র উপাৰ্জনকাৰী। তিনিজন সুঠাম যুৱক। কালি সন্ধিয়া নতুন দিল্লীৰ লালকিল্লাৰ সম্মুখত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাত আন একাংশৰ লগতে নিমিষতে হেৰাই গ’ল এই তিনি যুৱক। যাৰ বাবে এই তিনি যুৱকৰ পৰিয়াললৈ এতিয়া নামি আহিছে কাল অমানিশা।একমাত্র উপাৰ্জনকাৰীক হেৰুৱাই দিশহাৰা হৈ পৰিছে তেওঁলোকৰ পৰিয়াল।
উপাৰ্জনৰ তাগিদাতে সোমবাৰে সন্ধিয়া দিল্লীৰ চান্দনী চ’কলৈ গৈছিল পংকজ ছাইনী। যদিও কোনোদিনে পৰিয়ালৰ কাষলৈ উভতি আহিব নোৱাৰিব ২২ বছৰীয়া যুৱকজনে। কাইলৈৰ পৰা কি খাব, তাৰে চিন্তা এতিয়া মূৰে-কপালে হাত দিছে তেওঁৰ পৰিয়ালে। পংকজৰ দৰেই সোমবাৰে সন্ধিয়া ঘৰলৈ উভতি যাব নোৱাৰিলে আন দুই যুবক নোমান আৰু অশোক কুমাৰেও।
নোমান উত্তৰপ্ৰদেশৰ শামলিৰ বাসিন্দা। ২২ বছৰীয়া যুৱকজনৰ প্রসাধন সামগ্রী বিক্ৰীৰ ব্যৱসায় আছিল। নিজৰ দোকানৰ সামগ্ৰী ক্রয় কৰাৰ বাবেই তেওঁ সোমবাৰে সন্ধিয়া উপস্থিত হৈছিল চান্দনী চ’কত। পাইকাৰী বজাৰৰ পৰা তেওঁ দোকানৰ সামগ্রী ক্ৰয় কৰাৰ কথা আছিল; কিন্তু সেয়া আৰু হৈ নুঠিল। নোমানৰ খুড়াক ফুকৰানে কয়, ‘তেওঁ অত্যন্ত পৰিশ্ৰমী আছিল। আমি আমাৰ সন্তানক হেৰুৱালো। চৰকাৰে কঠোৰ প্ৰত্যুত্তৰ দিব লাগিব, যাতে এই ধৰণৰ ঘটনা আৰু নঘটে। আনহাতে, ৩৫ বছৰীয়া অশোক দিল্লী পৰিবহণ কর্পোৰেচন (ডিটিচি) ৰ বাছৰ কণ্ডাক্টৰ। এজন পৰিচিত লোকক সাক্ষাৎ কৰিবলৈ তেওঁ চান্দনী চ’কত উপস্থিত হৈছিল।
বিস্ফোৰণত অশোকৰ লগতে পৰিচিত লোকজনৰো প্ৰাণ যায়। অশোকৰ ঘৰো আচলতে উত্তৰপ্ৰদেশৰ আমৰোহাত। অৱশ্যে তেওঁ পত্নী আৰু চাৰি সন্তানক লৈ দিল্লীৰ জগতপুৰত থাকে। পৰিয়ালৰ মুঠ আঠ সদস্য তেওঁৰ উপাৰ্জনৰ ওপৰতে নিৰ্ভৰশীল। সোমবাৰে সন্ধিয়া অশোকে লোকেশকুমাৰ গুপ্তে নামৰ লোকজনক সাক্ষাৎ কৰাৰ বাবে চান্দনী চ’কলৈ গৈছিল। বিস্ফোৰণৰ কেই ঘণ্টামানৰ পাছত অশোকৰ খুড়াকৰ পুত্ৰই নিহতসকলৰ তালিকাত তেওঁৰ নাম দেখা পায়। সম্পর্কীয় ভ্রাতৃজনে জনায় যে অশোকে মটৰ চাইকেলত চান্দনী চ’কলৈ গৈছিল। মটৰ চাইকেলখনৰ কোনো সন্ধান এতিয়াও পোৱা নাই।
তেওঁ লগতে কয়, ‘গাঁৱত অশোকৰ মাতৃ সোমৱতীয়ে জ্যেষ্ঠপুত্ৰ সুভাষৰ স’তে বাস কৰে। সুভাষ অসুস্থ। তেওঁলোকৰো চোৱাচিতা কৰিছিল অশোকেই। অতিৰক্ত উপাৰ্জনৰ কাৰণে দাদাই নিশা নিৰাপত্তাৰক্ষীৰ কামো কৰিছিল।’
অশোক আৰু নোমানৰ দৰে হতভগীয়া পংকজো আছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী। উপাৰ্জনৰ বাবেই তেওঁ সোমবাৰে সন্ধিয়া চান্দনী চ’কত উপস্থিত হৈছিল। বিহাৰৰ নিৱাসী পংকজ এজন কেবচালক। ২২ বছৰীয়া যুৱকজনে এজন যাত্রীক চন্দনী চ’কত নমাবলৈ গৈ আৰু ঘূৰি নাহিল।
পংকজৰ মৃতদেহ গ্রহণ কৰাৰ বাবে আজি তেওঁৰ পিতৃ দিল্লীৰ লোকনায়ক হাস্পতালত উপস্থিত হয়। যুৱক পুত্ৰৰ অকাল মৃত্যুত সম্পূৰ্ণৰূপে ভাঙি পৰিছে বৃদ্ধ লোকজন। অৱশ্যে বিচাৰৰ দাবীত অটল হৈ আছে তেওঁ। সন্তানক হেৰুৱাই দিশহাৰা হৈ পৰা বৃদ্ধই সংবাদ মাধ্যমৰ আগত কয়, ‘কি ক’ম? চান্দনী চ’কত এজন যাত্রী নমাবলৈ হৈছিল। তেতিয়াই বিস্ফোৰণ। চৰকাৰৰ পৰা ন্যায় বিচাৰ বিচাৰিছো। আশা কৰো পাম।’
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত ষড়যন্ত্ৰৰ তত্বতে ছীলমোহৰ দিছে। কালি প্রধানমন্ত্রীয়ে স্পষ্ট কৰি দিয়ে যে কাকো ৰেহাই দিয়া নহ’ব। প্রধানমন্ত্রীয়ে কালি কয়, ‘আমাৰ তদন্ত সংস্থাসমূহে এই ষড়যন্ত্ৰৰ শিপা পর্যন্ত যাব। যিসকল এই ষড়যন্ত্ৰৰ বাবে দায়ী, তেওঁলোকৰ আটাইকে বিচাৰৰ আওতালৈ অনা হ’ব। এজনকো এৰি দিয়া নহ’ব।’ নিহতসকলৰ পৰিয়ালেও এতিয়া সেই দাবীকে কৰিছে।






























