Nagaon :
:নগাৱঁৰ মাহগুৰি গাঁও পঞ্চায়তৰ সভানেত্রীক অযোগ্য ঘোষণা I মাহগুৰি গাঁও পঞ্চায়তৰ সভানেত্রী তথা ১ নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্যাক অযোগ্য ঘোষণা কৰাৰ লগতে কাৰ্যালয়ৰ পৰা অপসাৰণ কৰে নগাঁও জিলা আয়ুক্তই। মাহগুৰি গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্য ফৰিদা য়াছমিনৰ বিৰুদ্ধে বাল্য বিবাহ হোৱা বুলি এক অভিযোগ উথ্থাপন হৈছিল।
উক্ত অভিযোগৰ ভিত্বিত নাগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ৰ অনুসন্ধানত প্ৰমাণিত হয় যে ফৰিদা য়াছমিনৰ বিবাহৰ সময়ত নাবালিকা ( ১৫ বছৰ) আছিল। উল্লেখ্য যে জুৰীয়া থানাৰ অন্তৰ্গত উদমাৰীৰ বাসিন্দা ফৰিদা য়াছমিনে ২০০৫ চনত দাখিল কৰা ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইনৰ ১২ ধাৰাৰ অধীনত পঞ্জীয়নভুক্ত গোচৰ সংখ্যা Cr-2012/2012-ৰ আৱেদন আৰু শ্ৰী আৰ. দত্ত, JMFC, নাগাঁওৰ দ্বাৰা ০৮/১১/২০১২ তাৰিখে দিয়া ৰায় আৰু আদেশ পৰীক্ষা কৰি দেখা যায় যে ফৰিদা য়াছমিনে উক্ত গোচৰত ১০/০৯/২০১১ তাৰিখে ইছলামিক ৰীতি-নীতি অনুসৰি শৰিফুল ইছলাম নামৰ এজন ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা বুলি স্বীকাৰ কৰিছিল।
ফৰিদা ইয়াচমিনৰ বাল্য বিবাহ হোৱা বুলি প্ৰমাণিত হোৱাৰ পিছতেই জিলা আয়ুক্তই ইয়াচমিনৰ ৱাৰ্ড সদস্যৰ লগতে পঞ্চায়ত সভানেত্ৰী পদ খাৰিজ কৰে। অসম পঞ্চায়ত আইন, ১৯৯৪-ৰ ধাৰা ১১১(২) আৰু অসম পঞ্চায়ত (গঠন) বিধি, ১৯৯৫-ৰ সংশোধিত বিধি ৬২(৪) (খ) আৰু (গ)-ৰ দ্বাৰা প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি, জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত মাহগুৰি গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ নিৰ্বাচিত সদস্য, নাম ফৰিদা য়াছমিনক তাৎক্ষণিকভাৱে মাহগুৰি গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ কাৰ্যালয়ৰ পৰা অযোগ্য ঘোষণা কৰি অপসাৰণ কৰে।
চৰকাৰে কঠোৰ নীতি- নিয়ম বান্ধি দিয়াৰ পিছতো বাল্য বিবাহ হোৱা ফৰিদা ইয়াচমিন কেনেকৈ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদন্ধিতা কৰিব পাৰিলে বুলি ৰাইজে প্ৰশ্ন উথ্থাপন কৰিছে।




































