Nupur Bora:
আয় বহিভূত সম্পত্তি গোচৰত কাৰাৰুদ্ধ হৈ থকা এচিএছ বিষয়া নূপুৰ বৰাই মঙলবাৰে জামিন লাভ কৰে ৷ জামিন মঞ্জুৰ কৰে বিশেষ ন্যায়াধীশৰ আদালততে ৷ গ্ৰেপ্তাৰৰৰ ৫৬ দিনৰ ভিতৰতে নূপুৰ বৰাই জামিন লাভ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ আদালতত বৰাৰ হৈ যুক্তি দৰ্শাইছিল জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে ৷কেনেকৈ জামিন লাভ কৰিলে নূপুৰ বৰাই ৷ এই সন্দৰ্ভত কেতবোৰ প্ৰশ্ন সকলোকে হতচকিত কৰি তুলিছে ৷
অৱশ্যে আদালতত বৰাৰ হৈ যুক্তি দৰ্শোৱা জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে কয়,নূপুৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল নিশা ৮ বজাত ৷ কিন্ত বিএনএছএছৰ ধাৰা মতে নিশাভাগত কোনো মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ হ’লে প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ অনুমতি লোৱাটো
নূপুৰ বৰাক নিশা গ্ৰেপ্তাৰৰ সময়ত আৰক্ষীয়ে প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ লোৱা নাছিল অনুমতি। যাৰবাবে অতি সহজেই আদালতত জামিন লাভ কৰিবলৈ সক্ষম হয় নূপুৰ বৰা ৷
উল্লেখ্য যে,নূপুৰ বৰাৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছিল নগদ ১ কোটি ৪৭ লাখ টকা ৷
