মাটিৰ বিনিময়ত মাটি বিচাৰি ওলাই অহা শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ ওপৰত বুধবাৰে পুনৰ জঁপিয়াই পৰিল অসম আৰক্ষী। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মাটিৰ বিনিময়ত মাটি দিয়াৰ প্রতিশ্রুতি কাৰ্যকৰী নকৰাৰ অভিযোগত ক্ষোভিত ভুক্তভোগী মহিলাসকলে শিলসাঁকোৰ উচ্ছেদিত স্থানত বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানৰে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ বিশাল দলে প্রতিবাদকাৰীসকলক চোঁচৰাই নি আটক কৰা ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হোৱা ঠেলা-ঠেলিত কে’ৰাগৰাকী মহিলা প্রতিবাদকাৰী আৰু মহিলা আৰক্ষী আহত হয়। সম্প্রতি আৰক্ষীয়ে ১৪ গৰাকী মহিলা প্রতিবাদকাৰীক আটক কৰি পাণবজাৰ থানাত আৰু চাৰিগৰাকী পুৰুষ প্ৰতিবাদকাৰীক আটক কৰি দিছপুৰ থানাত আবদ্ধ কৰে। উল্লেখ্য যে বানমুক্ত গুৱাহাটী শ্ল’গানেৰে ২০২২ত ৰাজ্য চৰকাৰে শিলসাঁকোৰ পৰা ১,২০৩টা পৰিয়ালক উচ্ছেদ কৰিছিল। ইয়াৰ পাছৰে পৰা ভুক্তভোগী পৰিয়ালসমূহে পুনৰ সংস্থাপন তথা মাটিৰ বিনিময়ত মাটি বিচাৰি ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে। এটা সময়ত অর্ধ উলংগ প্রতিবাদ আৰু পৰৱৰ্তী সময়ত অসম বিধানসভাৰ সম্মুখত ভুক্তভোগী পৰিয়ালসকলে প্রতিবাদ সাব্যস্ত কৰি আহিছে।
শেষত ২০২৪ৰ ছেপ্টেম্বৰত মুখ্যমন্ত্রী ড° শৰ্মাই তেওঁলোকৰ লগত আলোচনাত মিলিত হৈ মাটিৰ বিনিময়ত মাটি দিয়াৰ আশ্বাস প্রদান কৰে; কিন্তু আজি পর্যন্ত মুখ্যমন্ত্রীয়ে এই প্রতিশ্রুতি কার্যকৰী কৰা নাছিল আৰু কালি উচ্ছেদিতসকল ক’ত যায় চৰকাৰৰ দায়িত্ব নাই বুলি মন্তব্য কৰাৰ পাছতে তেওঁলোক ক্ষুব্ধ হৈ পৰে। ফলত কালি তেওঁলোকে যি স্থানৰ পৰা তেওঁলোকক উচ্ছেদ কৰিছিল, সেই স্থানত খুঁটি পুতি, তিৰপাল তৰি চৰকাৰৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে। এই প্রতিবাদৰ জৰিয়তে তেওঁলোকে স্পষ্ট কৰি দিছিল যে যদি মাটি দিব নোৱাৰে, তেন্তে তেওঁলোকে নিজৰ মাটি ঘুৰাই ল’ব। এই খবৰ লাভ কৰিয়েই পূব গুৱাহাটী আৰক্ষী জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত প্রতিবাদস্থলীত আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ এক বিশাল দল উপস্থিত হৈছিল।
আৰক্ষীয়ে পাঁচ মিনিটৰ ভিতৰত সেই স্থান এবি যাবলৈ প্রতিবাদকাৰীসকলক আহ্বান জনায়। ইয়াৰ পাছতে দুয়োপক্ষৰ মাজত খণ্ডযুদ্ধ আৰম্ভ হয়। এই আন্দোলনৰ নেত্রী গায়ত্ৰী বৰীয়ে আৰক্ষীক উভতি ধৰি কয়, ‘এমাহ-দুমাহ কৰি আজি কিমান মাহ হ’ল, আমাক মাটি দিয়া নাই। আমাক উচ্ছেদ কৰিলে; কিন্তু এতিয়াও টাটাৰ জিজাৰ থিয় হৈ আছে। কিয় ভাঙিব পৰা নাই। আমি দৰিদ্ৰ মানুহ কাৰণে পাঁচ মিনিটত উঠাম বুলি ক’লেই হ’ব নেকি? আমি উঠি নাযাওঁ। আমাক মাটি লাগিব, আমি অসমীয়া মানুহ হয়। আপোনালোকে নিজৰ গাত এবাৰ চিকুটি চাওক গাত অসমীয়াৰ তেজ আছে নে নাই।’
ইয়াৰ পাছতে বৃহৎ সংখ্যক মহিলা আৰক্ষীয়ে মহিলা প্রতিবাদকাৰীসকলক আটক কৰিবলৈ চেষ্টা কৰাৰ সময়তে দুয়োপক্ষৰ মাজত তীব্র ঠেলা-ঠেলিৰ সৃষ্টি হয় আৰু আৰক্ষীয়ে তেওঁলোকক একপ্ৰকাৰ চোঁচৰাই টানি নি আটক কৰে। এই সময়ছোৱাত প্রতিবাদকাৰীসকলে চিঞৰি চিঞৰি কয় যে তেওঁলোকে প্রাপ্য বিচাৰি সংগ্রাম অব্যাহত ৰাখিছে। আজি চৰকাৰ-প্রশাসন তেওঁলোকৰ ওপৰত জপিয়াই পৰিছে। এই কার্যত মুখ্যমন্ত্রী ড° শৰ্মাৰ লাজ লাগিব লাগিছিল বুলি মন্তব্য কৰি স্থানীয় নেত্রী বৰীয়ে কয়, ‘মুখ্যমন্ত্রীয়ে জাতি-মাটি-ভেটিৰ কথা কয় আৰু আজি খিলঞ্জীয়া মানুহক এই অবস্থা কৰিছে। নিজৰ মাটি বিচাৰি সংগ্ৰাম কৰাৰ কাৰণে আজি মুখ্যমন্ত্রীয়ে আমাক টানি টানি লৈ গৈছে।’
লগতে তেওঁলোকে কাপোৰ কিয় ফালিছে বুলি প্রশ্ন কৰি অসম আৰক্ষী গ’ বেক ধ্বনি দিয়ে। ইয়াৰ উপৰি প্ৰতিবাদকাৰীসকলে কয় যে আদানী, আম্বানী, ৰামদেৱ আজি অসমীয়া; কিন্তু তেওঁলোক নহয়।
ইফালে,আৰক্ষী-প্রতিবাদকাৰীসকলৰ হতাহতিৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত স্থানীয় নেত্ৰী বৰীয়ে কয়, ‘মুখ্যমন্ত্রীয়ে নিজৰ ঘৈণীয়েকৰ নামত জলাশয়ৰ মাটি ল’ব পাৰে, বিঘাই বিঘাই চৰকাৰী মাটি ল’ব পাৰে, অশোক সিংহলে বিঘাই বিঘাই মাটি ল’ব পাৰে, সিংহল অসমীয়া নেকি? নিজৰ গাত চিকুটি চাওক অসমীয়াৰ তেজ আছে নে নাই।’ লগতে তেওঁ কয়, ‘পুঁজিপতিক মাটি দিলে নহ’ব, শিলসাঁকোৰ খিলঞ্জীয়াই মাটি পাব লাগিবই। প্ৰতাৰণা সহ্য কৰা নহ’ব, মাটি আমাক ঘুৰাই দিয়ক।’ বৰীয়ে পুনৰ কয়, ‘বিকল্প স্থান থকাহেঁতেন আমি গুচি গ’লোহেঁতেন। আমি মাটি ক্রয় কৰি ইয়াত বসবাস কৰো। ২০২৪ৰ ছেপ্টেম্বৰত মুখ্যমন্ত্রীয়ে আমাক আলোচনালৈ মাতি নি কৈছিল যে মাটিৰ বিনিময়ত আমাক মাটি দিব; কিন্তু আজিলৈকে মুখ্যমন্ত্রীয়ে এই প্রতিশ্রুতি পালন নকৰিলে। আজি চাৰি বছৰে আমি বহু কষ্টৰে ভাড়াঘৰত আছো, ল’ৰা-ছোৱালীক শিক্ষা প্রদান কৰিবলৈ আমাৰ সমস্যা হৈছে। কালি মুখ্যমন্ত্রীয়ে কৈছে যে উচ্ছেদিতসকল ক’ত যায়, যাওক। এজন মুখ্যমন্ত্রীয়ে সেইদৰে ক’লে কেনেকৈ হ’ব। আমি কোনো বেদখলকাৰী বা বিদেশী নহয়। আমি অসমীয়া মানুহ আৰু গুৱাহাটীত থকাৰ আমাৰ অধিকাৰ আছে। মুখ্যমন্ত্রীৰ পত্নীয়ে যদি বিঘাই বিঘাই মাটি ল’ব পাৰে, মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ অশোক সিংহলে যদি বিঘাই বিঘাই চৰকাৰী মাটি ল’ব পাৰে, তেন্তে আমি সাধাৰণ মানুহে একঠা মাটি কিয় ল’ব নোৱাৰো।’
মুখ্যমন্ত্রীয়ে প্রতিশ্রুতি কার্যকৰী কৰিব লাগিব বুলি মন্তব্য কৰি বৰীয়ে লগতে কয়, ‘মুখ্যমন্ত্রীয়ে এইকেইদিন কৈ আছে তেওঁ যি কথা কয়, কার্যকৰী কৰে। তেন্তে শিলসাঁকোৰ উচ্ছেদিতক দিয়া প্রতিশ্রুতি কিয় আজিলৈকে কার্যকৰী নহ’ল। যদি পুনৰ সংস্থাপন নিদিয়ে, ভেটি-মাটি আমি ঘূৰাই ল’ম। শিলসাঁকোৰ মাটি আমাক দিব নোৱাৰে; কিন্তু দৰাবিল কিদৰে পুঁজিপতিক দিব পাৰে? চৰকাৰৰ এনে দুমুখীয়া নীতিক ধিক্কাৰ জনাইছো।’ একেদৰে প্রতিবাদত উপস্থিত থকা কৃষক মুক্তিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে কয়, ‘শিলসাঁকোৰ উচ্ছেদৰ পাছতো কৃত্রিম বানপানী হ্রাস নাপালে। উচ্ছেদৰ সময়ত প্রতিটো খিলঞ্জীয়া পৰিয়ালক এক কঠা পাঁচ লেচা ভূমি প্রদান কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে কৈছিল।
মঙলবাৰে মুখ্যমন্ত্রীয়ে কৈছে হিমন্ত বিশ্ব শর্মাই যি কয়, সেয়া কৰি দেখুৱায়। আজি তিনি বছৰ উকলি গ’ল, একো নাই। প্রতিটো পৰিয়ালক পুনৰ সংস্থাপন দিম বুলি কৈছিল, ফ্রেট বনাই দিম বুলি ক’লে; কিন্তু আজিও প্রাপ্য বিচাৰি ৰাইজে আন্দোলন কৰি থাকিবলগীয়া হৈছে। আলোচনালৈ মাতি নিলে, কিন্তু পুনৰ সংস্থাপন আজিলৈকে নিদিলে। সেয়ে যদি পুনৰ সংস্থাপন দিব নোৱাৰে, আমাৰ মাটি ঘুৰাই দিয়ক।’ উল্লেখ্য যে শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালৰ ১১জন মানুহৰ ইতিমধ্যে মৃত্যু হৈছে বুলি প্রতিবাদকাৰীসকলে সদৰী কৰি কয় যে তেওঁলোকক মাটিৰ বিনিময়ত মাটি দিয়াৰ কথা আছিল। টাটাৰ জিঞ্জাৰ হোটেল, হিম্মতসিংকাৰ আইডল হিল ভিউ, আজমলৰ পৃথিৱী গ্রীণছ আজিও থিয় হৈ আছে। চৰকাৰে একমাত্র খিলঞ্জীয়াক বাছি বাছি উচ্ছেদ কৰিলে বুলি তেওঁলোকে অভিযোগ কৰি মন্ত্রী জয়ন্ত মল্ল বৰুৱাই বোন্দাজান পুতি ঘৰলৈ যোৱা পথ বনাব পাৰে বুলি কয়। তেওঁলোকে কয়, ‘যদি মাটি দিব নোৱাৰে, আমাক গুলীয়াই মাৰি ইয়াতে জ্বলাই দিয়ক।’ ইপিনে, শিলসাঁকোত সন্ধিয়া আৰক্ষী-প্রশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰিছে।
আটক কৰাসকলক শীঘ্ৰে মুক্তিৰ দাবী কৃষক মুক্তিৰ
ইফালে, আটকাধীন লোকসকলক শীঘ্রে মুকলি কৰি দিয়াৰ দাবী জনাইছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে প্রতিবাদস্থলীৰ পৰা আৰক্ষীয়ে ১৪ গৰাকী মহিলাক আটক কৰি পাণবজাৰ থানাত আৰু চাৰিজন পুৰুষ প্ৰতিবাদকাৰী আটক কৰি দিছপুৰ থানাত আৱদ্ধ কৰি ৰাখিছে। তেওঁলোকক শীঘ্রে মুকলি কৰি দিবলৈ দাবী জনাই শইকীয়াই কয়, ‘মুখ্যমন্ত্রীৰ বাবে এয়া লাজ লগা কথা। যিজন মুখ্যমন্ত্রীয়ে কৈছিল যে খিলঞ্জীয়া লোকক মাটিৰ অধিকাৰ দিব। জাতি-মাটিৰ কথা কৈ ক্ষমতাৰ গাদীলৈ আহিয়েই গুৱাহাটীৰ মাজমজিয়াত ১,২০৩টা খিলঞ্জীয়া পৰিয়ালক উচ্ছেদ কৰিলে। চাৰিটা বছৰে তেওঁলোকে পুনৰ সংস্থাপন নকৰিলে। উপায়হীন হৈ আজি পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু আৰক্ষীৰ দ্বাৰা যি বৰ্বৰভাৱে আক্রমণ কৰা হ’ল, ইয়াক কঠোৰ ভাষাৰে নিন্দা কৰিছো।’উচ্ছেদিতৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাক ধিক্কাৰ চিপিআই (এমএল) ৰ
শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ ওপৰত আৰক্ষীয়ে চলোৱা বৰ্বৰতাক ধিক্কাৰ জনাইছে চিপিআই (এমএল) এ। দলটোৰ গুৱাহাটী মহানগৰ সমিতিৰ সম্পাদক পংকজ কুমাৰ দাসে এক প্রেছ বার্তাত কয় যে শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ গণতান্ত্রিক প্রতিবাদৰ ওপৰত আৰক্ষী বাহিনীয়ে চলোৱা বৰ্বৰতা দলে তীব্র প্রতিবাদ জনাইছে। উচ্ছেদিত ৰাইজৰ নেত্রী গায়ত্ৰী বৰী, বিতুমণি দাস বেগম, নমী হাৰেলদাৰসহ মহিলাসকলক আৰক্ষীয়ে চোঁচৰাই বৰ্বৰভাৱে অত্যাচাৰ চলায় আৰু মহিলাসকলৰ গাৰ কাপোৰ পর্যন্ত ফালি পেলোৱা ঘটনা অতি দুর্ভাগ্যজনক। এই ঘটনাত জড়িত আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ তেওঁ দাবী জনাই শীঘ্রে আটকাধীন সকলোকে বিনাচর্তে মুক্তি দিয়াৰো দাবী জনাইছে। লগতে তেওঁ কয়, ‘উচ্ছেদিত ৰাইজে ১৫০খনতকৈ অধিক স্মাৰকপত্ৰ চৰকাৰৰ ওচৰত প্ৰদান কৰাৰ উপৰি গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্রী অশোক সিংহল আৰু বৰ্তমানৰ উন্নয়ন দপ্তৰৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ স’তে আলোচনাত মিলিত হৈছিল। আলোচনাত মন্ত্রীয়ে সমস্যা সমাধানৰ প্রতিশ্রুতি দিছিল। একেদৰে মুখ্যমন্ত্রীয়ে উচ্ছেদিত ৰাইজক উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ প্রতিশ্রুতি প্রদান কৰাৰ পাছতো আজি পর্যন্ত কোনো ব্যবস্থা গ্রহণ নকৰিলে।’ বার্তাটোত দাসে কয়, ‘শিলসাঁকোৰ খিলঞ্জীয়া ৰাইজৰ ওপৰত চলোৱা চৰকাৰী নির্যাতন, অন্যায়ে চিনাকি-অচিনাকি, খিলঞ্জীয়া-অখিলঞ্জীয়াৰ কথা কৈ অহৰহ সাম্প্রদায়িক বিভাজনৰ ৰাজনীতি চলাই যোৱা মুখ্যমন্ত্রীজনৰ খিলঞ্জীয়া প্রেমৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে।’






























