Guwahati:
ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে জনজাতিকৰণৰ বিৰুদ্ধাচৰণ কৰিছে সদৌ অসম ট্ৰাইবেল সংঘই।
মঙলবাৰে অসম ট্ৰাইবেল সংঘৰ বেনাৰত ৰাজ্যৰ বহু কেইটা জনজাতি ছাত্ৰ সংগঠনৰ নেতৃবৰ্গৰ উপস্থিতিত সোনাপুৰত অনুষ্ঠিত বৃহৎ গণ সমাবেশত সংগঠনৰ নেতৃবৰ্গই চৰকাৰক সকীয়াই দিয়ে যে কোনো ক্ষেত্ৰতে যেন ছয় জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা নিদিয়ে ৷ নহ’লে আগন্তুক নিৰ্বাচনত ৪০ টা সমষ্টিৰ জনজাতি অধ্যুষিত ৰাইজে বিজেপি চৰকাৰৰ সমুচিত প্ৰত্যুত্তৰ দিব।
আনহাতে এখোপ আগুৱাই দিছপুৰৰ মিত্ৰজোঁট চৰকাৰৰ অন্যতম অংশীদাৰ ৰাভা হাছং পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ ৰাভাই সদম্ভে কয়,৬জনগোষ্ঠীক জনজাতিকৰণ দিলেই হিন্দুত্ব এৰিব জনজাতীয় লোকে ৷ ২০২৬ ত ৪০টা সমষ্টিয়েই বিজেপিৰ পৰা আঁতৰি যাব। শেষ হৈ যাব বিজেপি ২০২৬ত। ৰাভা জনগোষ্ঠীয় বলিষ্ঠ নেতাজনৰ এই হুংকাৰৰ পিছতে থৰকাছুটি নোহোৱা হৈছে দিছপুৰৰ ৷
উল্লেখ্য যে জনজাতিকৰণৰ দাবীত ইতিমধ্যে ছয় জনগোষ্ঠীয় সংগঠন সমূহে কি উজনি কি ,কি নামনি সৰ্বত্ৰে তীব্ৰ আন্দোলন অব্যাহত ৰাখিছে। সংগঠন কেইটাৰ এই যুদ্ধদেহিং স্থিতিৰ মাজতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই সংগঠন কেইটাক অভয়দান দি কয়, ২৫ নৱেম্বৰত অসম বিধানসভাৰ শীতকালীন অধিৱেশনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণত বিশেষ বিধেয়ক উদ্থাপন কৰিব।
আনহাতে এফালে জনজাতিকৰণৰ দাবীত ছয় জনগোষ্ঠীৰ হুংকাৰ প্ৰদান আনপিনে জনজাতিকৰণ দিলে হিন্দুত্ব এৰাৰ লগতে চৰকাৰ উফৰাই দিয়াৰ হুংকাৰ ট্ৰাইবেল সংঘৰ ৷ দুই গোষ্ঠীৰ বিপৰীতে স্থিতিক লৈ বিপাঙত পৰিছে দিছপুৰ ৷ এনে ক্ষেত্ৰত ২৫ নৱেম্বৰত অসম বিধান সভাত মুখ্যমন্ত্ৰীৰ পদক্ষেপ কি হ’ব তালৈ সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিছে ৷




































