Nalbari:✒️উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধর্মীয় অনুষ্ঠান নলবাৰীৰ হৰিমন্দিৰৰ ৰাস মহোৎসৱত বৃহস্পতিবাৰে এক উথপথপ্ পৰিৱেশৰ সৃষ্টি হয়। জিলাখনত বিভিন্ন অঞ্চলৰ উপৰি দূৰদূৰণিৰ অসংখ্য ভক্ত দর্শনার্থীয়ে হৰি মন্দিৰ ৰাস মহোৎসৱত ভিৰ কৰে। ভাৰতীয় সভ্যতা-সংস্কৃতিৰ বিবেকৰ প্রতীক স্বৰূপ ভগৱান শ্রীকৃষ্ণৰ ৰাসলীলাক কেন্দ্ৰ কৰি বিভিন্ন পৌৰাণিক আখ্যানৰ আধাৰত মৃণ্ময় শিল্পীসকলে আটকধুনীয়াকৈ বৈদ্যুতিক কাৰুকাৰ্যৰে সজোৱা মূর্তিসমূহ হেজাৰ হেজাৰ ভক্ত দর্শনার্থীয়ে প্রত্যক্ষ কৰে।
ইপিনে, ৰাস মহোৎসৱৰ অন্যতম আকর্ষণ হৈ পৰিছে নলবেইৰা হাট আৰু মনোৰঞ্জনৰ মেলাত। ছহিদ মুকুন্দ কাকতি বাছ আস্থানত অস্থায়ীভাবে স্থাপন কৰা শিশু, যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ পুৰুষ-মহিলাসকলে আজি যথেষ্ট ভিৰ কৰে। জিলাখনৰ মহিলা আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ হাতৰ উৎপাদিত বস্ত্র, বিভিন্ন হস্তনির্মিত সামগ্ৰী আৰু থলুৱা সুস্বাদু খাদ্য সম্ভাৰৰ মেলাতো অত্যন্ত ভিৰ পৰিলক্ষিত হয়।
উল্লেখ্য যে এইবাৰৰ ৰাস মহোৎসৱত ভক্ত দর্শনার্থীৰ বিশেষ সমাদৰ লাভ কৰিছে ৰেল লাইনৰ উত্তৰপাৰে বহা বাণিজ্য মেলাই।
ছয় নৱেম্বৰৰ পৰা আৰম্ভ হোৱা বাণিজ্য মেলাত প্রতিদিনেই ব্যাৱসায়ীসকলে ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়।
কালিও হেজাৰ হেজাৰ ভক্ত দর্শনার্থীয়ে বাণিজ্য মেলাত ভিৰ কৰি বিভিন্ন সামগ্রী ক্ৰয় কৰা পৰিলক্ষিত হয়। বাণিজ্য মেলাত অৰুণাচল প্রদেশ, নগালেণ্ড, মেঘালয়, ত্ৰিপুৰাকে ধৰি অসমৰ বিভিন্ন থলুৱা সামগ্ৰীৰ বিপণীসমূহত ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয়।
সুধাকণ্ঠৰ জন্ম শতবার্ষিকী আৰম্ভএইবাৰৰ ৰাস মহোৎসৱত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ
পাঁচদিনীয়া জন্ম শতবার্ষিকী আজি সন্ধিয়া মুকলি কৰা হয়। অনুষ্ঠান মুকলি কৰে সুধাকণ্ঠৰ ভ্ৰাতৃ তথা বিশিষ্ট শিল্পী সমৰ হাজৰিকাই। এই উপলক্ষে আজি ভালে কেইজন শিল্পীয়ে বৰেণ্য শিল্পীগৰাকীৰ কালজয়ী ২০ গীত পৰিৱেশন কৰে। উল্লেখ্য যে আজিৰে পৰা ১৭নৱেম্বৰলৈ ২০টাকৈ গীত পৰিৱেশন কৰি শিল্পীগৰাকীৰ জন্ম শতবার্ষিকী উদ্যাপন কৰা হ’ব।
সোমবাৰে স্থানীয় বন্ধৰ দিন ঘোষণা
হৰি মন্দিৰৰ ৰাস মহোৎসৱ উপলক্ষে কালি জিলা আযুক্ত নিবেদন দাস পাটোৱাৰীয়ে এক নির্দেশনা যোগে অহা ১৭ নৱেম্বৰ স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে। সিদিনা জিলা আয়ুক্ত কার্যালয়, আদালত, ৰাজহ চক্র কার্যালয়কে ধৰি জিলাখনৰ সকলো চৰকাৰী কার্যালয় আৰু শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব। অৱশ্যে বন্ধৰ দিনা অত্যাৱশ্যকীয় সেৱা আৰু পৰীক্ষাসমূহ খোলা থাকিব।






























