অধ্যয়নত আচৰিত ধৰণৰ তথ্য প্রকাশ পাইছে। টোপনি এটা অতি গুৰুত্বপূৰ্ণ শাৰীৰিক কাৰ্য।প্রতিদিনে সাতৰ পৰা আঠ ঘণ্টা টোপনি স্বাস্থ্যব বাবে গুরুত্বপূর্ণ। উন্নত মানৰ টোপনিৰ ফলত বিভিন্ন ৰোগৰ আশংকা হ্রাস পায়। কিন্তু আপুনি জানেনে কোনে বেছি শুই থাকে, পুৰুষ নে মহিলা?
অধ্যয়নটোত সেই আচৰিত তথ্য পোৱা গৈছে।পুৰুষতকৈ মহিলাৰ টোপনি বেছি বুলি এটা সাধাৰণ বিশ্বাস আছে। যদিও এই তথ্য সঁচা বুলি সকলোৱে বিশ্বাস নকৰে। বহুতৰ মতে এয়া সম্পূই উৰাবাতৰি। কিন্তু সঁচাকৈয়ে পুৰুষতকৈ মহিলাক বেছি টোপনিৰ প্ৰয়োজন হয় নে?
অধ্যয়নত দেখা গৈছে যে মহিলাসকলক প্রতিদিনে কমেও সাতৰ পৰা ন ঘণ্টা ভাল টোপনিৰ প্ৰয়োজন। দৰাচলতে নাৰীৰ শৰীৰত বিভিন্ন বয়সত বিভিন্ন পৰিৱৰ্তন ঘটে। সেই পৰিস্থিতিত সুস্থ হৈ থাকিবলৈ টোপনিৰ প্রয়োজন।
একে সময়তে পুৰুষতকৈ মহিলাৰ দৈনন্দিন জীৱনত মানসিক চাপ আৰু উদ্বেগ বেছি। সকলো কথাৰ স’তে মোকাবিলা কৰিবলৈ আৰু সুস্থ জীবন যাপন কৰিবলৈ পর্যাপ্ত টোপনিৰ প্ৰয়োজন।
সেয়েহে অধ্যয়নত দেখা গৈছে যে পুৰুষতকৈ মহিলাক অধিক টোপনিৰ প্রয়োজন। কেৱল টোপনিয়েই নহয়, ভাল মানৰ টোপনিও গুৰুত্বপূর্ণ।
কিছুমান প্রাথমিক গৱেষণাৰ পৰা দেখা গৈছে যে তেওঁলোকৰ জৈৱিক গঠন অনুসৰি পুৰুষ আৰু মহিলাৰ টোপনিৰ প্রয়োজনত সামান্য পার্থক্য থাকিব পাৰে। ইয়াৰ উপৰি ল’ৰাতকৈ ছোৱালীৰ টোপনি বহুত বেছি সজাগ। ছোৱালীতকৈ ল’ৰাবোৰে অধিক গভীৰভাৱে শুই থকাৰ প্ৰৱণতা থাকে। ছোৱালীৰ টোপনি কম। ফলত সময় পালেও বিভিন্ন কাৰণত বিঘিনি ঘটে।
যিহেতু বহু মহিলাই ঘৰ আৰু বাহিৰত দুয়োটাতে মেনেজ কৰিবলগীয়া হয়, গতিকে মানসিক চাপ সদায় থাকে. শান্তিৰে শুবলৈ সুযোগ কম। সাধাৰণতে প্রাপ্তবয়স্ক লোকক প্রতি নিশা সাতৰ পৰা ন ঘণ্টা টোপনিৰ প্রয়োজন হয়। যদিও বয়সৰ লগে লগে টোপনিৰ প্ৰয়োজনীয়তা অলপ কমি যাব পাৰে।
ইয়াৰ পাছতো বয়সস্থ প্রাপ্তবয়স্কসকলেও প্রতি নিশা কমেও সাত ঘণ্টা শুবলৈ টেষ্টা কৰিব লাগে।প্রসংগক্রমে আজিকালি কৈশোৰৰ পৰা পঢ়া-শুনা আৰু কামৰ হেঁচাত টোপনিৰ পৰিমাণ বহুত কমিছে। বিশেষজ্ঞসকলৰ মতে, ৰাতি বেছিকৈ শুই থাকিলেও অর্থাৎ ‘টোপনিৰ চক্র’ যিয়েই নহওক কিয়, নিয়মিতভাবে পর্যাপ্ত টোপনি লোৱাটো অতি প্রয়োজনীয়।
লগতে গোটেই সপ্তাহটো ভালদবে টোপনি নোযোৱাকৈ বন্ধৰ দিনত টোপনিৰ ক্ষতিপূৰণৰ কথা ভবাটো ঠিক নহয়।






























