Water:✒️যদি তেজত ইউৰিক এচিডৰ মাত্রা দীর্ঘদিন ধৰি নিয়ন্ত্রণহীন হৈ থাকে তেন্তে পাছলৈ গাউট, বৃক্কত পাথৰ, আনকি হৃদৰোগৰ সমস্যাও হ’ব পাৰে। তেজত ইউৰিক এচিড থকাটো অস্বাভাবিক নহয়। আকৌ কিছুমান খাদ্য আছে যিয়ে তেজত ইউৰিক এচিডৰ মাত্রা বৃদ্ধি কৰে।
সাধাৰণতে তেজৰ লগত মিহলি হয়। ইয়াৰ পাছত ইও বৃক্কৰ মাজেৰে শৰীৰৰ পৰা ওলাই যায়। কিন্তু কেতিয়াবা এই এচিডৰ পৰিমাণ অত্যধিক হ’লেহে সমস্যাৰ সৃষ্টি হয়। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ‘হাইপাৰিউৰিচেমিয়া’ বুলি কোৱা হয়।
কিন্তু চিকিৎসকে কয় যে যদি তেজত থকা ইউৰিক এচিডৰ মাত্রা দীর্ঘদিন ধৰি নিয়ন্ত্রণহীন হৈ থাকে তেন্তে পাছত গাউট, কিডনীত পাথৰ, আনকি হৃদৰোগৰ সমস্যাও হ’ব পাৰে।
ইয়াৰ পৰা মুক্তি পাবলৈ কি উপায়?
চিকিৎসকে কয় যে আটাইতকৈ ফলপ্রসূ আৰু স্বাভাবিক উপায় হ’ল শৰীৰক জলসিঞ্চিত কৰি ৰখা। অর্থাৎ পর্যাপ্ত পৰিমাণে পানী খাব। যদি শৰীৰত তৰল পদাৰ্থৰ মাত্রা সঠিক হয়, তেন্তে তেজত ইউৰিক এচিড বৃদ্ধি হোৱাৰ কোনো আশংকা নাথাকে। একে সময়তে বৃক্কৰ স্বাস্থ্যও ভালে থাকে।
পানীয়ে কেনেকৈ কাম কৰে?
পানী হৈছে শৰীৰৰ প্ৰাকৃতিক ‘ডিটক্লিফায়াৰ’। যেতিয়া তেজত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পায়, তেতিয়া পানীয়ে ইয়াক ‘পাতল’ কৰি পেলায়। ফলত অতিৰিক্ত এচিড কিডনী ফিল্টাৰেৰে সহজে বাহিৰ হয় ।কিন্তু শৰীৰত পানীৰ অভাৱ হ’লে তেজত ইউৰিক এচিডৰ মাত্ৰা বাঢ়ি যায়। ই ভৰি বা হাতৰ গাঁঠিত, বৃক্কত জমা হোৱাৰ প্ৰৱণতা থাকে।
‘চাইনিজ চেণ্টাৰ ফৰ ডিজিজ কন্ট্র’ল এগু প্রিভেনচন’ৰ মতে, যিসকলৰ তেজত ইউৰিক এচিডৰ পৰিমাণ বেছি থাকে আৰু লগতে গাউট আৰু বাত বিষৰ সমস্যাও আছে, তেওঁলোকে গোটেই দিনটো কমেও দুহেজাৰ, তিনি হেজাৰ মিলিলিটাৰ পানী খাব লাগে। আনকি ‘দ্য জার্নেল অর নেফ্র’লজী’তো একে ধৰণৰ তথ্য আছে। ইয়াত কোৱা হৈছে যে যিমানেই পানী খাব সিমানেই ইউৰিক এচিড সম্পকীয় বৃক্কৰ ৰোগ হোৱাৰ সম্ভাবনা নিয়ন্ত্রণত থাকিব।
বৃক্ক সুস্থ কৰি ৰাখিবলৈ গোটেই দিনটো কিমান পানী খাব লাগে?
চিকিৎসকে কয় যে এই সন্দর্ভত কোনো নির্দিষ্ট নিয়ম নাই। বেছিভাগ মানুহেই দিনটোৰ ভিতৰত চাৰি-পাঁচ গিলাছ পানী খায়। য’ত পুৰুষে কমেও আঠ-ন গিলাছ আৰু মহিলাই কমেও সাত-আঠ গিলাছ পানী পান কৰিব লাগে। এই ক্ষেত্রত কেনেকৈ আৰু কেতিয়া পানী খাব সেয়াও অতি গুৰুত্বপূর্ণ। গোটেই দিনটো অলপ অলপকৈ পানীৰ চুমুক খালে একেলগে বৃহৎ পৰিমাণৰ পানী খোৱাতকৈ বেছি উপকাৰ পোৱা যায়। আকৌ যদি দিনটোৰ আৰম্ভণিতে এগিলাছ কুহুমীয়া গৰম পানী খাব পাৰে, তেন্তে বিষমুক্তকৰণত বিশেষ সুবিধা লাভ কৰিব। যদি ইয়াৰ লগত নেমুৰ ৰস কেইটোপালমান মিহলাই দিব পাৰে, তেন্তে শৰীৰৰ আভ্যন্তৰীণ কামবোৰো সঠিকভাবে আৰম্ভ হ’ব পাৰে।






























