Gujarat:✒️গুজৰাট উপকূলৰ সমীপত ভাৰতীয় জলসীমা লঙ্ঘন কৰি সন্দেহজনকভাৱে ঘূৰি ফুৰা এখন পাকিস্তানি নৌকাক আটক উপকূলৰক্ষী বাহিনীৰ ।
নৌকাখনত মুঠ ন জন যাত্ৰী আছিল। প্ৰাথমিক অনুসন্ধানত তেওঁলোক পাকিস্তানি মৎস্যজীৱী বুলি অনুমান কৰা হৈছে যদিও, অন্য কোনো উদ্দেশ্য আছিল নে নাই, সেয়া তদন্ত কৰি চোৱা হৈছে।
উপকূলৰক্ষী বাহিনীৰ গুজৰাট বিভাগৰ ভাৰপ্ৰাপ্ত মুখপাত্ৰ উইং কমাণ্ডাৰ অভিষেক কুমাৰ তিৱাৰীয়ে জনাইছে যে বুধবাৰে নিশা এখন পাকিস্তানি নৌকা আন্তর্জাতিক জলসীমা অতিক্ৰম কৰি ভাৰতীয় জলসীমাত প্ৰৱেশ কৰিছিল।
প্ৰহৰা সময়ত বাহিনীয়ে নৌকাখন চিনাক্ত কৰি ৰাখিবলৈ কোৱাত, নৌকাখন পাকিস্তানৰ দিশে পলাই যাবলৈ চেষ্টা কৰে। কিন্তু সেই চেষ্টা ব্যৰ্থ হয়। ‘আল-মদিনা’ নামৰ নৌকাখনসহ ন জন যাত্ৰীক পোৰবন্দৰলৈ লৈ অনা হৈছে।
উল্লেখযোগ্য যে, ২০০৮ চনৰ ২৬/১১ মুম্বাই আক্ৰমণতো আৰৱ সাগৰ ব্যৱহাৰ কৰি পাক সন্ত্ৰাসবাদী ভাৰতীয় জলসীমাত প্ৰৱেশ কৰিছিল। লগতে, গুজৰাট উপকূলত আগতেও কেবাবাৰো মাদকভৰ্তি পাকিস্তানি নৌকা আৰু অবৈধ মাছ ধৰা ট্রলাৰ আটক হোৱা ঘটনা ঘটিছে।






























