Jammu and Kashmir:✒️শুকুৰবাৰে গভীৰ নিশা প্ৰবল বিস্ফোৰণত কঁপি উঠিল জম্মু-কাশ্মীৰ।প্ৰাপ্ত তথ্য অনুসৰি, শ্ৰীনগৰৰ উপকণ্ঠ অঞ্চলৰ নৌগাম আৰক্ষী থানাত এক বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ।
এই বিস্ফোৰণত এতিয়ালৈকে কমেও নজন লোক নিহত হোৱাৰ লগতে ২৯ জন লোক আহত হয়।
আহতসকলক তাৎক্ষণিক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
উল্লেখ্য যে,‘হোৱাইট কলাৰ’ সন্ত্ৰাসবাদী মডিউল গোচৰৰ স’তে জড়িত জব্দকৃত বিস্ফোৰক সামগ্ৰীৰ বাবে এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ।
বিস্ফোৰণস্থলীৰ পৰা নটা মৃতদেহ উদ্ধাৰ হৈছে । অৱশ্যে মৃতকেইজনৰ চিনাক্তকৰণ এতিয়াও হোৱা নাই বুলিও জানিবলৈ দিয়ে ।
