Guwahati:
মহানগৰীত ডকাইতি কাণ্ড সংঘটিত কৰিবৰ বাবে কুখ্যাত ডকাইত দলৰ সুৰক্ষিত আশ্ৰয়স্থল হিচাপি বিবেচিত হৈ আহিছে হাতীগাঁও-সিজুবাৰী পথৰ এন আৰ ৰেচিডেন্সী ল’জ ৷ গোপন খবৰৰ ভিত্তিত আজি বশিষ্ঠ আৰক্ষীৰ এটা দলে এন আৰ ৰেচিডেন্সী ল’জত অৰ্তকিতে অভিযান চলাই গ্ৰেপ্তাৰ কৰে চাৰিজন দুৰ্ধৰ্ষ ডকাইতক ৷ ধৃত ডকাইত কেইটা হ’ল বিপুল আলী আইনূৰ হুছেইন, ইদুল আলী আৰু মহিবুল আলী। ডকাইতৰ দলটোৰ পৰা ডকাইতিত ব্যৱহৃত সামগ্ৰীৰ লগতে এএছ০১-জিজি-৩৭৪৪ নম্বৰৰ এখন বাহনো জব্দ কৰে আৰক্ষীয়ে ৷ চাৰিও ডকাইতৰে ঘৰ বৰপেটাত ৷
