Madrassa Student Protest:
দিল্লীৰ লালকিল্লাৰ সমীপত আৰু শ্ৰীনগৰৰ থানাত সংঘটিত নাৰকীয় বোমা বিস্ফোৰণৰ বিৰুদ্ধে শনিবাৰে গৰজি উঠিল হোজাই জিলাৰ ডবকাৰ জামিয়া অসম দাৰুল হাদিছিৰ জয়নগৰৰ শিক্ষাৰ্থী ৷ জামিয়া অসম দাৰুল হাদিছিৰ জয়নগৰৰ কে’বা শতাধিক শিক্ষাৰ্থীয়ে হাতে হাতে প্লেকার্ড লৈ এক বিশাল প্রতিবাদী সমদল বাহিৰ কৰে ৷
প্ৰতিবাদকাৰী সকলে সন্ত্ৰাসবাদী বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে আকাশ -বতাহ মুখৰিত কৰি তোলে ৷ ইছলামত কেতিয়াও সন্ত্ৰাসৰ স্থান নাই বুলি মন্তব্য কৰি অচিৰেই দুয়োস্থানত বোমা বিস্ফোৰণৰ দৰে হঠকাৰী কাৰ্য সংঘটিত কৰা দোষী সন্ত্ৰাসবাদীক কৰায়ত্ত কৰিবৰ বাবে নিয়া আৰু চিবিআইক আহ্বান জনায় প্ৰতিবাদকাৰী শিক্ষাৰ্থী সকলে ৷
