উত্তৰ-পূৱৰ কাহিনী লৈ ২১ নৱেম্বৰত মুক্তি ‘ফেমিলী মেন’ৰ

IMG 20251116 140626

Movie:✒️দীর্ঘ প্রতীক্ষাৰ পাছত অৱশেষত মুক্তিৰ বাবে সাজু হৈছে ‘ফেমিলী মেন’ৰ তৃতীয় ছিজন। প্রথম দুটা ছিজনে দৰ্শকৰ পৰা প্ৰচুৰ সঁহাৰি লাভ কৰিছিল। সেয়ে পৰৱৰ্তী ছিজনৰ মুক্তিক লৈ কৌতূহল সৃষ্টি হৈছিল দৰ্শকৰ মনত।

অহা ২১ নৱেম্বৰত অ’টিটি প্লেটফৰ্মত মুক্তি পাব মনোজ তিৱাৰীয়ে মুখ্য ভূমিকাত অভিনয় কৰা ৱেব ছিৰিজখনৰ তৃতীয় ছিজনে।

প্রাপ্ত তথ্য অনুসৰি, প্ৰথম দুখন ছিৰিজৰ তুলনাত এইবাৰ বাজেট বহু বেছি। অভিনেতা-অভিনেত্রীসকল পাৰিশ্রমিকো বেছি। মুখ্য চৰিত্ৰত অভিনয় কৰা মনোজে এইবাৰ লাভ কৰিছে ২২.৫০ কোটি টকা।

এই ছিৰিজত খলনায়কৰ ভূমিকাত অভিনয় কৰা জয়দীপ আহলাৱটে লাভ কৰিছে ন কোটি টকা। এইবাৰৰ ছিজনৰ অন্যতম আকর্ষণ হৈছে বলিউদৰ অভিনেত্রী নিমৰত কৌৰ।

তেওঁ লাভ কৰিছে আঠৰ পৰা ন কোটি টকা। আন এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দৰ্শন কুমাৰে লাভ কৰিছে ন কোটি টকা। আনহাতে, মনোজৰ পত্নীৰ ভূমিকাত অভিনয় কৰা প্রিয়ামণিয়ে পাইছে সাত কোটি টকা।

নির্মাতাৰ সূত্রই জনাইছে যে আগৰ দুখন ছিৰিজতকৈ এইবাৰ বেছি সংঘৰ্ষৰ দৃশ্য থাকিব। সূত্রই জনোৱা মতে, উত্তৰ-পূৱৰ উগ্রপন্থী সমস্যাক বিষয়বস্তুৰূপে লৈ এইবাৰৰ ছিজনটো নিৰ্মাণ কৰা হৈছে। অধিকাংশ চিত্রগ্রহণ নগালেণ্ডত সম্পন্ন হৈছে।

অসমৰএকাংশ স্থানতো চিত্রগ্রহণ কৰা হৈছে।সূত্রই জনোৱা মতে, অসমৰো একাংশ শিল্পীয়ে একাধিক সৰু-বৰ চৰিত্ৰত অভিনয় কৰিছে।

Exit mobile version