Health Tips:✒️সুন্দৰ পেশীবহুল শৰীৰ লাভ কৰিবলৈ অধিকাংশ কিশোৰ-যুৱকেই আজিকালি জিমলৈ যায়। পেশী শক্তিশালী কৰাৰ লগতে সুঠাম দেহ গঠনো তেওঁলোকৰ অন্যতম লক্ষ্য। কিন্তু বহুতেই জিমলৈ গৈ তৎকালীনভারে আবেদনময় শৰীৰ গঠন কৰাৰ বাবে কৃত্রিম পদ্ধতি ব্যৱহাৰ কৰিবলৈ লৈছে। যাৰ পাৰ্শ্বপ্রতিক্রিয়া স্বৰূপে বহু পুৰুষেই পিতৃত্ব অৰ্জনৰ সক্ষমতা হেৰুৱাই পেলাইছে।
শেহতীয়া এক গবেষণাত এই আশংকাজনক তথ্য পোহৰলৈ আহিছে। গবেষণাত দেখা গৈছে যে ততালিকে সুন্দৰ আৰু আবেদনময় শৰীৰ তৈয়াৰ কৰিবলৈ অধিকাংশ পুৰুষে যি কৃত্রিম পদ্ধতি ব্যৱহাৰ কৰিছে, সেই পদ্ধতিয়েই তেওঁলোকৰ পুৰুষত্ব কাঢ়ি নিছে। জিমৰ বিভিন্ন শাৰীৰিক কছৰতৰ পাছত বহু লোকে বিভিন্ন প্র’টিন শ্যেক খায়।
এনে বহু প্ৰ’টিন শ্যেকত ষ্টেৰয়ড ব্যৱহাৰ কৰে। এই ষ্টেৰয়ডেই শুক্রাণু উৎপাদনত বাধা প্রদান কৰে। আনকি তপা মূৰ ঢাকিবলৈ যি পুরুষে চুলি গজাৰ চিকিৎসা কৰায়, তেওঁলোকো এই সমস্যাত ভোগে। গৱেষকসকলে লগতে জনাইছে যে শৰীৰ গঠন কৰিবলৈ গৈ বহুতেই এনাবলিক স্টেৰয়ড ব্যৱহাৰ কৰে।
ইয়াৰ ফলত মস্তিষ্কৰ পিটুইটাৰি গ্লেণ্ডে শুক্রাণু উৎপাদনৰ দুই প্ৰধান হৰম’ন এফ এছ এইছ আৰু এল এইছৰ উৎপাদন বন্ধ কৰি দিয়ে। ইয়াৰ ফলত পুৰুষৰ শুক্রাণুৰ সংখ্যা ইমানেই হ্রাস পায়।যে তেওঁলোকে পিতৃত্ব অৰ্জনৰ ক্ষমতাও হেৰুৱায়।






























