Lalu Prasad Yadav:✒️অপ্রত্যাশিত বৃহৎ নির্বাচনী বিপৰ্যয়ৰ পাছত লালু প্রসাদ যাদৱৰ পৰিয়ালত কন্দল গভীৰ হৈছে নেকি? কাৰণ সদ্যসমাপ্ত বিহাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এদিন পাছতে লালুৰ কন্যা ৰোহিণী আচাৰ্যই প্রকাশ কৰিছে যে তেওঁ যাদৱ পৰিয়ালৰ স’তে সম্পৰ্ক ছেদ কৰিছে।
আনকি ৰাজনীতিৰ স’তেও সম্পর্ক ত্যাগ কৰা বুলি ৰোহিণীয়ে দাবী কৰিছে। উল্লেখ্য যে লালুৰ পৰিয়ালত দীর্ঘদিন ধৰি এক কন্দল অব্যাহত আছে। তেওঁৰ জ্যেষ্ঠ পুত্র তেজপ্রতাপে কেতিয়াবাই পিতৃ আৰু কনিষ্ঠ ভ্রাতৃ তেজস্বীৰ লগত সম্পর্ক ছেদ কৰিছে। এইবাৰ নির্বাচনত তেজপ্রতাপে সুকীয়াকৈ প্রতিদ্বন্দ্বিতা কৰে। অৱশ্যে প্রত্যাশিতভাৱে তেওঁৰ দল জনশক্তি জনতা দলে মুখথেকেচা খায়। জনশক্তি জনতা দলে তেজস্বীৰ বিৰুদ্ধেও প্রার্থী দিয়ে।
কিন্তু দলৰ মুৰব্বী তেজপ্রতাপসহ সকলোৱে শোচনীয় পৰাজয়বৰণ কৰে। লালুৰ পৰিয়ালৰ এই কন্দলৰ বিষয়ে সততে চর্চিত হয়। এনে অবস্থাতে সদ্যসমাপ্ত নিৰ্বাচনৰ কালি ফলাফল ঘোষণাৰ একপ্ৰকাৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই ৰোহিণীয়েও যাদৱ পৰিয়ালৰ স’তে সম্পৰ্ক ছেদ কৰাৰ কথা ঘোষণা কৰিছে।
কালি তেওঁ সামাজিক মাধ্যমত এটা প’ষ্টত কয়, ‘মই ৰাজনীতিৰ স’তে সম্পৰ্ক ত্যাগ কৰিছো। মই যাদৱ পৰিয়ালৰ স’তেও সম্পৰ্ক ছেদ কৰিছো। ইয়াকে কৰিবলৈ মোক সঞ্জয় যাদৱ আৰু ৰামিজে কৈছে। মই সকলো বদনাম মুৰ পাতি লৈছো।’
ইয়াত সঞ্জয় যাদৱ মানে আৰজেডিৰ বিদ্ৰোহী নেতা সঞ্জয় যাদৱৰ কথা ৰোহিণীয়ে কৈছে বুলি একাংশই মন্তব্য কৰিছে। একেদৰে বামিজ মানে ৰোহিণীয়ে তেওঁৰ স্বামী ৰামিজ আলমক ইংগিত কৰিছে বুলি চর্চা হৈছে। সূত্ৰৰ মতে, ভ্রাতৃ তেজপ্রতাপক যাদৱ পৰিয়ালে বহিষ্কাৰ কৰা কাৰ্যক লৈ ৰোহিণীয়ে অসন্তুষ্টি প্রকাশ কৰি আহিছে।
তেওঁৰ এই অসন্তুষ্টিৰ বিষয়ে সদ্যসমাপ্ত বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্মুহূৰ্ততো পিতৃ আৰু আনজন ভ্রাতৃ তেজস্বীৰ আগতো প্রকাশ কৰে যদিও কোনোৱে তেওঁৰ আবেগক সম্মান নজনালে। ইয়াৰ ক্ষোভত নির্বাচনী বিপৰ্যয়ৰ পাছত তেওঁ পিতৃগৃহৰ স’তে সম্পর্ক শেষ কৰাৰ কথা ৰাজহুৱাকৈ প্ৰকাশ কৰিছে বুলি চর্চা হৈছে।
উল্লেখ্য যে তিনি বছৰ পূৰ্বে ৰোহিণীয়ে পিতৃ লালুক বৃক্ক দান দিছিল। তেতিয়া লালু গুৰুতৰভাৱে অসুস্থ হৈছিল। তেওঁৰ বৃত্ত সংৰোপণৰ প্ৰয়োজন হয়। পিতৃক সুস্থ কৰিবলৈ ৰোহিণীয়ে এটা বৃক্ক দান কৰে। সেই অনুসৰি ২০২২ৰ ডিচেম্বৰত ছিংগাপুৰৰ এখন চিকিৎসালয়ত লালুৰ বৃক্ক সংৰোপণ কৰা হয়। উল্লেখ্য যে তেজপ্রতাপক পুনৰ আদৰি ল’বলৈ ৰোহিণীয়ে জনোৱা অনুৰোধ পিতৃয়ে প্রত্যাখ্যান কৰাৰ পাছত লালুৰ কন্যা বিগত কিছুমাহ ধৰি পিতৃগৃহৰ ওপৰত খৰ্গহস্ত হৈ আছিল বুলিও চর্চা হৈছে। যোৱা ছেপ্টেম্বৰত তেওঁ সামাজিক মাধ্যমত পৰিয়ালৰ সকলো সদস্য আৰু ৰাজনৈতিক নেতাসকলক আনফ’ল’ কৰে।
তেতিয়া তেওঁ এটা প’ষ্টত কয়, ‘মোৰ বিষয়ে অপপ্ৰচাৰ বিয়পিছে। দুষ্ট বুদ্ধিৰ লোকসকলক আৰু তেওঁলোকক উৎসাহ জনোৱাসকলক মই মুকলিকৈ প্রত্যাহ্বান জনাইছো। মই মোৰ পিতৃক বৃক্ক দান দিয়াৰ খবৰ মিছা বুলি একাংশই অপপ্ৰচাৰ চলাইছে। যদি এই কথা প্ৰমাণ কৰিব পাৰে তেন্তে মই ৰাজনীতি আৰু ৰাজহুৱা জীৱনৰ পৰা অব্যাহতি ল’ম।’ এনে অপপ্ৰচাৰত জড়িতসকলক ক্ষমা খুজিবলৈও তেওঁ প্রত্যাহ্বান জনায়। অৱশ্যে পৰৱৰ্তী সময়ত তথা সদ্যসমাপ্ত বিহাৰ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণৰ পাছত যোৱা ন নৱেম্বৰত ভ্রাতৃ তেজস্বীক শুভেচ্ছা জনায় ৰোহিণীয়ে। উক্ত দিনা তেজস্বীৰ জন্মদিনো আছিল। তেতিয়া ৰোহিণীয়ে ভ্রাতৃৰ নেতৃত্ব গুণক প্রশংসাও কৰে। আনকি তেওঁ তেজস্বীক ‘কর্মবীৰ’ বুলিও অভিহিত কৰে।






























