যুদ্ধৰ বাবে সাজু চীনৰ ৰব’টিক সেনা: ৰণক্ষেত্ৰত নহ’ব মৃত্যু, নিদিব পৃষ্ঠভংগ

IMG 20251118 124009

China:✒️যুদ্ধক্ষেত্রত অবতীর্ণ হ’বলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে চীনৰ ৰব’টিক সেনা। ইউবিটেক বব’টিক্সে প্ৰস্তুত কৰা বাকৰ এছ-২ মডেলৰ যুঁজাৰু ৰবটৰ প্ৰথমটো সেনাবাহিনীৰ এক ভিডিঅ’ প্রতিষ্ঠানটোৱে জাৰি কৰিছে। মানৱাকৃতিৰ ৰবটৰ এই মডেল ৰণকৌশলত পাৰ্গত।

যুদ্ধক্ষেত্ৰত মানৱৰ পৰিৱৰ্তে সেনা হিচাপে অৱতীৰ্ণ হ’বলৈ চীনৰ ইউবিটেক বব’টিক্সে এই বিশেষ ৰবট তৈয়াৰ কৰিছে। সামাজিক মাধ্যমত সম্প্রতি চীনে তৈয়াৰ কৰা এই সেনাৰূপী ৰব’টে বিশেষ চর্চা লাভ কৰিছে। প্রকাশিত বাতৰি অনুসৰি চীনৰ কোম্পানীয়ে তৈয়াৰ কৰা এনে যুঁজাৰু ৰব’ট কৃত্রিম বুদ্ধিমত্তা (এআই) চালিত।

এই ৰবট সৈনিকৰ অন্যতম বৈশিষ্ট্য হৈছে যুদ্ধক্ষেত্রত ৰবট সৈনিকৰ কেতিয়াও মৃত্যু নহ’ব আৰু মানৱ সৈনিকৰ দৰে ই ৰণক্ষেত্ৰৰ পৰা কেতিয়াও পৃষ্ঠভংগ নিদিয়ে। কাৰিকৰী বা যান্ত্রিক বিজুতি অবিহনে ৰব’ট সেনাই ৰণক্ষেত্ৰত শত্ৰুৰ বিৰুদ্ধে যুদ্ধত ২৪ ঘণ্টাই অৱতীৰ্ণ হ’ব পাৰিব।

উল্লেখ্য যে সাম্প্ৰতিক সময়ত যুদ্ধ আধুনিক প্রযুক্তি নিৰ্ভৰ হৈছে। যুদ্ধত এতিয়া ড্ৰ’নৰ লগতে ৰবটৰো ব্যৱহাৰ কৰা হৈছে। ইউবিটেক ৰব’টিক্সে সদৰী কৰা অনুসৰি, তেওঁলোকে তৈয়াৰ কৰা সৈনিকৰূপী ৰবট হৈছে প্ৰথম প্ৰজন্মৰ আৰু কোম্পানীটোৱে ইতিমধ্যে দ্বিতীয় প্রজন্মৰ এনে ৰবট নিৰ্মাণৰ কাম আৰম্ভ কৰিছে।

Exit mobile version