Guwahati:
প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ দীপাংকৰ কাশ্যপে আজি জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে স্প্ৰিহা প্ৰডাকচনৰ উদ্যোগত আয়োজিত এক বিশেষ অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ শেহতীয়া কালেকচন ‘জুবিন’ উন্মোচন কৰে। সন্ধিয়াটোৰ আঁত ধৰে মুম্বাইস্থ অসমীয়া অভিনেতা সৌৰভ ৰবি দত্তই।
গুৱাহাটী টাউন ক্লাবত কেইবাগৰাকী বিশিষ্ট অতিথি আৰু কিংবদন্তি শিল্পী গৰাকীৰ অনুৰাগীৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত দীপাংকৰ কাশ্যপৰ কালেকশ্যনটোত জুবিন গাৰ্গৰ স্বকীয় শৈলীৰে অনুপ্ৰাণিত পুৰুষৰ ১৬বিধ অনন্য পোছাক প্ৰদৰ্শন কৰা হয় ।
দিল্লীৰ প্ৰখ্যাত ফেশ্বন কৰিঅ’গ্ৰাফাৰ হৰ্ষ গৌতমে কৰিঅ’গ্ৰাফী কৰা কালেকশ্যনটো প্ৰদৰ্শন কৰি মুঠ ১৮গৰাকী পুৰুষ মডেলে ৰেম্পত খোজকাঢ়ে।
অনুষ্ঠানৰ আৰম্ভণিতে দীপাংকৰ কাশ্যপে হাৰ্টথ্ৰবগৰাকীলৈ আৱেগিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে যুৱ প্ৰতিভা প্ৰত্যুষা হাজৰিকাই এটি নৃত্য পৰিৱেশন কৰে। জিণ্টু কাকতি আৰু তেওঁৰ বেণ্ড ‘দ্য হাইলাইটছ’এ পৰিৱেশন কৰা জুবিন গাৰ্গৰ লাইভ মিউজিকত মডেলসকলে ৰেম্পত খোজ কাঢ়ে।
