West Bengal:
ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জালত বাংলাদেশী নাগৰিক ৷ ভাৰতীয় জলসীমাত অবৈধভাৱে প্ৰৱেশ কৰি মাছ মাৰি থকা ৩ খন নাওসহ আটক কৰা হয় তিনিগৰাকী নাবালকসহ ৭৯ বাংলাদেশী মাছমৰীয়াক ৷
আইচিজি জাহাজৰ চোৰাংচোৱাগিৰিৰ সময়ত ভাৰতীয় জলসীমাৰ ভিতৰত প্ৰায় দু নটিকেল মাইল দূৰত্বত চলি থকা বাংলাদেশৰ মাছ ধৰা নাও তিনিখন ধৰা পৰে, যিটো ভাৰতৰ সামুদ্ৰিক অঞ্চল (বিদেশী জাহাজেৰে মাছ ধৰা নিয়ন্ত্ৰণ) আইন, ১৯৮১ (এমজিআই আইন) উলংঘা।
আইচিজিৰ জাহাজ অমৃত কৌৰ আৰু কমলা দেৱীয়ে উত্তৰ বংগ উপসাগৰত আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমাৰেখাৰ (আইএমবিএল) চোৰাংচোৱাগিৰিৰ সময়ত ভাৰতৰ জলসীমাৰ ভিতৰত অবৈধভাৱে মাছ ধৰাৰ বাবে বাংলাদেশী মাছ ধৰা নাও তিনিখন জব্দ কৰি ৭৯ জন ক্ৰু সদস্যক আটক কৰে বুলি উপকূলৰক্ষী বাহিনী বিষয়া গৰাকীয়ে সদৰি কৰে




































