Kaziranga Visit cricketer anil kumble: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কিংবদন্তি ক্রিকেটাৰ অনিল কুম্বলে

পত্নীসহ কাজিৰঙাৰ বাগৰি বনাঞ্চল পৰিদৰ্শন

anil

Kaziranga Visit cricketer anil kumble:

কিংবদন্তি ক্রিকেটাৰ অনিল কুম্বলে পত্নীসহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হয় মঙলবাৰে নিশাটো কাজিৰঙাৰ অতিথি শালাত কটোৱাৰ পিছত আজি পুৱাতে জিপ চাফাৰীৰে বাগৰি বনাঞ্চল পৰিদৰ্শন কৰে ৷

সাংবাদিকৰে হোৱা বাৰ্তালাপত অনিল কুম্বলেই কাজিৰঙাৰ অপৰূপ সৌন্দর্যত আপ্লুত হৈ পৰে বুলি উল্লেখ কৰি সকলোকে কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ আহ্বান জনাই ৷

আনহাতে অসমৰ প্ৰতিভাৱান তৰুণ ক্ৰিকেটাৰ ৰিয়ান পৰাগ সন্দৰ্ভত কুম্বলেই কয়,অসম সন্তান ৰিয়ান পৰাগ এজন বহুত ভাল খেলুৱৈ ৷ ইতিমধ্যে তেওঁ আইপিএলতো ভাল প্ৰদৰ্শন কৰিছে ৷তেওঁ এগৰাকী বিস্ফোৰক বেটচ্ মেন ৷অচিৰেই ভাৰতীয় দলত প্ৰত্যাৱৰ্তন হ’ব ৰিয়ান পৰাগৰ I

Exit mobile version