Mumbai Visit Akhil Gogoi:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত কংগ্ৰেছৰ নেতৃত্বত একত্ৰিত হৈছে বিৰোধী দল সমূহ ৷ বিৰোধী ঐক্যৰে অন্যতম অংশীদাৰ ৰাইজৰ দলৰ মূৰব্বী অখিল গগৈয়ে যোৱা সপ্তাহৰ পৰা দেশৰ বিৰোধী ইণ্ডিয়া জোঁটৰ কে’বাগৰাকী নেতাক সাক্ষাৎ কৰিছে ৷
যোৱা সপ্তাহটোতে আম আদমী পাৰ্টিৰ মূৰব্বী অৰবিন্দ কেজৰিয়ালক দিল্লীত সাক্ষাৎ কৰাৰ পিছত বুধবাৰে মুম্বাইত সাক্ষাৎ কৰে এনচিপিৰ মূৰব্বী শাৰদ পাৱাৰ আৰু তেখেতৰ জীয়ৰী সাংসদ সুপ্রিয়া ছুলেক ৷ দুয়ো গৰাকী নেতাৰ সৈতে দেশত বিজেপিয়ে চলাই থকা সাম্প্ৰদায়িক ফেছিবাদৰ প্ৰতিৰোধ সম্পৰ্কে আৰু ভাৰতবৰ্ষৰ কৃষি ব্যৱস্থাৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃত আলোচনা কৰে ৷
