‘প্রধানমন্ত্রী কৃষক সম্মান নিধি’ৰ ২১ সংখ্যক কিস্তি বুধবাৰে মুকলি কৰা হয়। তামিলনাডুৰ কইম্বাটুৰত আয়োজিত এক জনসভাৰ জৰিয়তে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ডিবিটিৰ জৰিয়তে মুকলি কৰি দিছে। পিএম কিষাণ আঁচনিৰ ২১ সংখ্যক কিস্তিত অসমৰ ১৮ লাখ ১৭ হেজাৰ ৩৬২ গৰাকী কৃষক উপকৃত হৈছে বুলি কৃষি বিভাগে সদৰী কৰিছে। এইসকল কৃষকে তেওঁলোকৰ বেংক একাউণ্টযোগে লাভ কৰিছে মুঠ ৩৬৩ কোটি ৪৭ লাখ টকা। বিপৰীতে এই আঁচনিখনৰ ১৩ সংখ্যক কিস্তিত ৰাজ্যখনৰ ছয় লাখ ১৫ হেজাৰ কৃষকে লাভ কৰা ধনৰ পৰিমাণ আছিল ২২২ কোটি টকা।
উল্লেখ্য যে এই আঁচনিৰ অধীনত কৃষকে ডিবিটি ব্যৱস্থাৰে প্ৰতিটো কিস্তিত দুহেজাৰ টকাকৈ তিনিটা কিস্তিত বছৰত মুঠ ছহেজাৰ টকা বেংক একাউন্টযোগে লাভ কৰে।কালিৰ তামিলনাডুৰ কেন্দ্ৰীয় কাৰ্যসূচীত ভার্চুৱেলী ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই অংশগ্রহণ কৰে। ২১ সংখ্যক কিস্তিত ৰাজ্যখনৰ কৃষকসকল যথেষ্ট উপকৃত হৈছে বুলি কৃষিমন্ত্ৰী বৰাই সদৰী কৰি কয় যে এই আঁচনিয়ে কৃষক ৰাইজৰ সমৃদ্ধিৰ যাত্ৰাত নতুন দিগন্তৰ সূচনা কৰিছে।
কালিৰ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰা ২১ সংখ্যক কিস্তিৰ জৰিয়তে দেশৰ ন কোটিৰো অধিক কৃষক উপকৃত হৈছে বুলি তেওঁ সদৰী কৰি লগতে কয়, ‘আমাৰ কৃষকসকলৰ সমৃদ্ধিশালী জীৱন সুনিশ্চিত কৰাৰ দিশত প্রধানমন্ত্রী মোদীয়ে দি অহা বিশেষ অগ্রাধিকাৰৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত আমাৰ ৰাজ্যৰ কৃষকসকলৰ সমৃদ্ধিশালী জীৱন সুনিশ্চিত কৰাৰ দিশত নিষ্ঠাপূর্ণ প্রয়াস অব্যাহত আছে। কৃষক সমাজৰ সৱলীকৰণ দিশত মুখ্যমন্ত্ৰীয়ে দি অহা বিশেষ অগ্রাধিকাৰৰ বাবে তেওঁকো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো।’
কৃষিমন্ত্ৰী বৰাই লগতে আঁচনিখনৰ ২১ সংখ্যক কিস্তিত ধন লাভ কৰা কৃষকসকলক অভিনন্দন জনায় আৰু পূৰ্বতকৈও অধিক একাগ্ৰতাৰে তেওঁলোকে কৃষিকার্যত মনোনিৱেশ কৰিব বুলি আশা প্রকাশ কৰে। উল্লেখ্য যে ২০১৫-১৬ বৰ্ষৰ কৃষি পিয়ল অনুসৰি অসমত থকা কৃষক পৰিয়ালৰ সংখ্যা হ’ল প্রায় ২৭ লাখ ৩৬ হেজাৰ। ইয়াৰ ভিতৰত ২০ লাখতকৈও অধিক সংখ্যক কৃষক পৰিয়ালে পিএম কিষাণ আঁচনিৰ বাবে প্ৰয়োজনীয় আধাৰ সংযুক্ত ই-কেৱাইচি, ভূমি তথ্য, আধাৰ ভিত্তিক পৰিশোধ ব্যৱস্থাসহ সকলো প্রক্রিয়া সম্পূৰ্ণ কৰি পিএম কিষাণৰ নির্দিষ্ট প’র্টেলত সংলগ্ন কৰিছে। সেয়েহে এই আঁচনিখনৰ পৰৱৰ্তী কিস্তিত ৰাজ্যখনৰ অধিক সংখ্যক কৃষক উপকৃত হ’ব বুলি আশা প্রকাশ কৰিছে কৃষি বিভাগে।
আনহাতে, কালি দেশজুৰি পালন কৰা পিএম কিষাণ উৎসৱ উদ্যাপনৰ স’তে সংগতি ৰাখি অসমতো গাঁও পঞ্চায়ত, উন্নয়ন খণ্ড, জিলা পর্যায় আৰু ৰাজ্যিক পৰ্যায়ত পি এম কিষাণ উৎসৱ উদ্যাপন কৰা হয়।






























